
গোৱালপাৰা, ৩১ জুলাই (হি.স.)। আজি গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰথম গৰাকী শ্বহীদ নিধানুৰাম ৰাজবংশীৰ জীৱন কাহিনীক কেন্দ্ৰ কৰি এখন গ্ৰন্থ উন্মোচন কৰা হয়৷ কৃষ্ণাইৰ সুৰভি সাহিত্য সুৰভিৰ সভাপতি ড০ নজৰুল ইছলামৰ “বিয়াল্লিছৰ স্বহীদ নিধানুৰাম ৰাজবংশী” শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰে জিলা আয়ুক্ত প্ৰদীপ টিমুংয়ে৷
ভালে সংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থকা গ্ৰন্থ উন্মোচনী সভাত জিলা আয়ুক্ত গৰাকীয়ে উন্মোচন কৰা এই মুল্যবান গ্ৰন্থখনে স্বহীদ গৰাকীৰ বহু নজনা কথা নৱ প্ৰজন্মই জানিব পাৰিব বুলি মন্তব্য কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা