
বৰপেটা, ৩১ জুলাই (হি.স.)। পুনৰ বানৰ কবলত বজালীৰ বনগাঁৱ বাসী ।ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ ভুলৰ বাবে পুনৰ বানৰ কবলত বনগাঁৱ বাসী lকালদিয়া নদীৰ ভগ্ন কৃষিবান্ধেৰে এতিয়া হুৰা হুৰে বাগৰিছে পানী ।
২২ জুনৰ ভগ্ন কৃষি বান্ধ মেৰামতিৰ নামত বিনয় দত্ত নামৰ এজন ঠিকাদাৰৰ জৰিয়তে জিও টিউব বেগ স্হাপন কৰিছিল ।কিন্তু জিও টিউব বেগৰ দুয়ো কাষ উন্মুক্ত ৰখা বাবে পুনৰ দুই দিশেৰে পানী বাগৰি সৃষ্টি হৈছে বানপানী ।ইতিমধ্যে বাঢ়নি পানীয়ে নিমিষতে বুৰাই পেলাইছে শ শ বিঘা কৃষি ভূমি ।এতিয়া পুনৰ এই পানীৰ গতি স্তব্ধ কৰিবলৈ দিনে নিশা ই নামি পৰিছে বিভাগ ।আচৰিত ভাবে কালি নিশাৰে পৰা কালদিয়া নদীৰ পানী বৃদ্ধি হৈ এনে পৰিৱেশ সৃষ্টি হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ