মুকালমুৱাৰ চান্দাত সলিল সমাধি ঘটা শিশুৰ মৃতদেহ উদ্ধাৰ
নলবাৰী, ৩১ জুলাই (হি.স.)। মুকালমুৱাৰ চান্দাত ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰি সলিল সমাধি ঘটা শিশুৰ মৃতদেহ উদ্ধাৰ। এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে শিশুটোৰ মৃতদেহ। মৃত শিশুটোৰ নাম মহিবুৰ আলী(৫)। যোৱাকালি আবেলি ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰি সন্ধানহীন হৈছিল শিশুটো। সুঁ
মুকালমুৱাৰ চান্দাত সলিল সমাধি ঘটা শিশুৰ মৃতদেহ উদ্ধাৰ


নলবাৰী, ৩১ জুলাই (হি.স.)। মুকালমুৱাৰ চান্দাত ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰি সলিল সমাধি ঘটা শিশুৰ মৃতদেহ উদ্ধাৰ। এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে শিশুটোৰ মৃতদেহ। মৃত শিশুটোৰ নাম মহিবুৰ আলী(৫)। যোৱাকালি আবেলি ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰি সন্ধানহীন হৈছিল শিশুটো। সুঁতিটোৰ পাৰত ৰখাই থোৱা এখন টুলুঙা নাওঁত উঠি খেলি থকা অৱস্থাত শিশুটোৱে সুঁতিটোৰ পানীত পৰিছিল।

কালি সন্ধিয়ালৈকে স্থানীয় ৰাইজে শিশুটোৰ উদ্ধাৰ অভিযান চলাইছিল যদিও কোনো সন্ধান লাভ কৰা নাছিল। আজি পুৱাৰ পৰা এছডিআৰএফ বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ সুঁতিটোত উদ্ধাৰ অভিযান চলাই আছিল। এছডিআৰএফ বাহিনীৰ অভিযানত অৱশেষত শিশুটোৰ মৃতদেহ উদ্ধাৰ হয়। শিশুটোৰ এনে কৰুণ মৃত্যুত সম অঞ্চলটোতে শোকৰ ছাঁ পৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande