
গোলাঘাট, ৩১ জুলাই (হি.স.)। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ কাষত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দল । গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে বানপীড়িত ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লৈছে কংগ্ৰেছৰ দলটোৱে ।
ব্ৰহ্মপুত্ৰ অঞ্চলৰ পুলি কৰৈয়নীৰ ৰাইজক বান সাহায্য আগবঢ়াই চৰকাৰ-প্ৰশাসনৰ অৱহেলাৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছৰ প্ৰতিনিধিসকল। বানপীড়িত ৰাইজক বিপদৰ সময়ত সকাহ দিয়াৰ ক্ষেত্ৰত প্ৰশাসন চুড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি কটু বাক্যৰে সমালোচনা বিৰোধী দলটোৰ নেতা-কৰ্মীৰ। ৰাইজ এখন নাঁও যোগান ধৰিবলৈও সক্ষম নোহোৱাত ক্ষোভ সকলোৰে । টুলুঙা নাঁৱৰে দুৰ্গম পথ অতিক্ৰম কৰি বানপীড়িতক সাহায্য প্ৰদান অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা