বহুমুখী প্ৰকল্পৰ অসম চৰকাৰৰ সিদ্ধান্তত তীব্ৰ ক্ষোভ কুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চৰ
কামৰূপ, ৩১ জুলাই (হি.স.)। বহুমুখী প্ৰকল্পৰ অসম চৰকাৰৰ সিদ্ধান্তত তীব্ৰ ক্ষোভ কুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চৰ । উজনিৰ তিনিখন জিলাত বানে চলোৱা সংহাৰী ৰূপৰ পিছত এতিয়া নামনিৰ বিশেষকৈ দক্ষিণ কামৰূপৰ সৰ্বসাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে । দক্ষিণ কামৰূপ
বহুমুখী প্ৰকল্পৰ অসম চৰকাৰৰ সিদ্ধান্তত তীব্ৰ ক্ষোভ কুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চৰ


কামৰূপ, ৩১ জুলাই (হি.স.)। বহুমুখী প্ৰকল্পৰ অসম চৰকাৰৰ সিদ্ধান্তত তীব্ৰ ক্ষোভ কুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চৰ । উজনিৰ তিনিখন জিলাত বানে চলোৱা সংহাৰী ৰূপৰ পিছত এতিয়া নামনিৰ বিশেষকৈ দক্ষিণ কামৰূপৰ সৰ্বসাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে । দক্ষিণ কামৰূপৰ সৰ্বসাধাৰণ ৰাইজৰ চিন্তাৰ কাৰণ হৈ পৰিছে কুলসী নৈত ৫৫ মেগাৱাট জলবিদ্যুৎ বহুমুখী প্ৰকল্প ।

যোৱা বৃহস্পতিবাৰে কুলচী বহুমুখী প্ৰকল্পৰ প্ৰতিবেদন অসম শক্তি উৎপাদন কোম্পানীক হস্তান্তৰ কৰে ব্ৰক্ষ্ৰপুত্ৰ বোৰ্ডক । এই হঠকাৰী সিদ্ধান্তৰ পিছতে শুকুৰবাৰে গৰজি উঠিল অসম-মেঘালয় সীমান্তৰ কুলসী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চৰ লগতে কেইবাটাও নদীবান্ধ বিৰোধী সংগঠন ।* ছয়গাঁৱত আয়োজন কৰা সংবাদমেলত ঐতিহাসিক কুলচী নদীত ৬২ মিটাৰ উচ্চতাত পকী বান্ধ নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদন কৰিলে ৩৫ কিলোমিটাৰ ব্যসাৰ্ধৰ অঞ্চল মৰুভূমি হোৱাৰ লগতে খেতি-বাতি শুকাই যাব, ৰিভাৰ ডলফিন, জীৱ জন্তু নোহোৱা হৈ যাব আৰু জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি তীব্র ভাবুকি কঢ়িয়াই আনিব বুলি কয় সংবাদ মেলত । আনহাতে অসম চৰকাৰে লোৱা এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে দুই এদিনতে দক্ষিণ কামৰূপৰ সকলো অৰাজনৈতিক দল সংগঠনৰ সৈতে আলোচনা কৰি আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব বুলিও সংবাদমেলত মন্তব্য কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande