
কাৰ্বি আংলং, ৩১ জুলাই (হি.স.)। অহা ২ আগষ্টৰ পৰা ১৬ আগষ্ট লৈ চলিব স্ব-গনণা প্ৰক্ৰিয়া। ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ চলিব গৃহ তালিকা প্ৰস্তুতিকৰণ প্ৰক্ৰিয়া। জিলা খনত ক্ৰমে ডিফু,শিলনিজান আৰু ফুলনি ৩টা চক্ৰৰ লগতে ১৬টা নগৰত চলিব এই প্ৰক্ৰিয়া। ডিফুত লোকপিয়ল অভিযান-২৭প্ৰসংগত কাৰ্বি আংলং জিলা আয়ুক্তৰ সংবাদ মেল। সংবাদ মেলত জিলা আয়ুক্ত গৰাকী এইদৰে উল্লেখ কৰে।
আনফালে এই গননা প্ৰক্ৰিয়াৰ বাবে ১৭১২গৰাকী গননা কৰ্মী আৰু ২৪৩গৰাকী পৰ্যবেক্ষক ইতিমধ্যে প্ৰশিক্ষন দি নিয়োগ কৰা হৈছে। জিলা আয়ুক্ত প্ৰেক্ষাগৃহত সংবাদমেল সম্বোধন কৰি আয়ুক্ত গৰাকী এই তথ্য জানিব দিয়ে। উল্লেখ্য যে এই জন গননা প্ৰক্ৰিয়াৰ বাবে পোন প্ৰথম বাৰ ডিজিটেল মাধ্যমৰ ব্যৱস্থা কৰা হৈছে বুলিও আয়ুক্ত গৰাকী কয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ