
গুৱাহাটী, ৩১ জুলাই(হি.স.)। অসমৰ মুখ্য সচিব ৰবি কোটাই সামাজিক মাধ্যমৰ জৰিয়তে উজনী অসমৰ বানপীড়িত ৰাইজৰ বাসস্থানৰ সমস্যাটো সমাধানৰ বাবে বিশেষ তৎপৰতা অবলম্বন কৰিছে। তেও প্ৰেৰণ কৰা বাৰ্তাটোত উল্লেখ কৰে যে, উজনী অসমৰ চাৰিখন জিলা সামৰি অসমৰ সংকটৰ সময়ত সহযোগ কৰি অহা সকলোকে ধন্যবাদ। বৰ্তমানো অসমৰ একাংশ বানপীড়িত পৰিয়াল আবদ্ধ পানীৰ বাবে ঘৰলৈ উভতি যাব পৰা নাই। পানী অধিক গভীৰ নহয় যদিও আগন্তুক দুই-তিনি মাহলৈ তেওঁলোকৰ ঘৰবোৰ বাসপযোগী হৈ নাথাকিব।
বৰ্তমানৰ পৰিস্থিতিত অসমৰ অধিক বৰষুণ, উচ্চ আৰ্দ্ৰতাৰ পৰিস্থিতিৰ বাবে অসম চৰকাৰে উপযুক্ত প্ৰিফেব্ৰিকেটেড ঘৰ দ্ৰুতভাৱে স্থাপন কৰাত সহায় কৰিব পাৰে এনে অংশীদাৰ বিচাৰিছো । চৰকাৰে কেইটামান ঘৰৰ সৰু পাইলটৰ পৰা আৰম্ভ কৰিব বিচাৰিছে যাতে এই পৰিস্থিতিত খতিগ্ৰস্থ ৰাইজে ঘৰ সমূহৰ অধিক মূল্যায়ন কৰি ইয়াক স্বইচ্ছাই গ্ৰহণ কৰে।
তেও উল্লেখ কৰে যে যদি কোনো প্ৰতিষ্ঠানৰ এনে নক্সা, নিৰ্মাণ বা মোতায়েন কৰাৰ অভিজ্ঞতা আছে আৰু আমাক দ্ৰুতভাৱে আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে, অনুগ্ৰহ কৰি মোক এজন ডি এম প্ৰেৰণ কৰিব পাৰে। আমি যিকোনো লিড, ৰেফাৰেল, বা সমৰ্থনৰ অতিশয় শলাগ লম।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ