
ধুবুৰী, ৩১ জুলাই (হি.স.)। আগমনিৰ সত্ৰশালত বিলাসী বাহনত পাঁচটাকৈ গো-ধন জব্দ । বাহন এৰি পলায়ন চালক । স্থানীয় ৰাইজে আটক কৰে বাহন । ভাৰত বাংলাদেশ সীমান্তৰ পশ্চিমবংগৰ বালাভুত, ঝাউকুটি অঞ্চলৰ পৰা সত্ৰশালৰ ভিতৰুৱা পথেৰে ছুইফ্ট ডিজাইৰ বাহনখন আহি আছিল । স্থানীয় ৰাইজে গৰু সৰবৰাহৰ সন্দেহত ৰাস্তা বন্ধ কৰি বাহনখন ৰখিবলৈ দিয়ে ।
চালকে বাহনখন এৰি পলায়ন কৰে । পিছত স্থানীয় ৰাইজে আগমনি আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাহনখন তালাচী চলোৱাত ডিগি আৰু পিছফালৰ ছিটৰ পৰা পাঁচটাকৈ চোৰাং গৰু ওলাই পৰে । আৰক্ষীয়ে বাহন, গো-ধন জব্দ কৰি থানালৈ নিয়ে । জব্দকৃত বিলাসী বাহনখনৰ নম্বৰ এ এছ ১৭ চি ৭৫০৬ । উল্লেখ্য যে, নিতৌ পশ্চিমবংগৰ পৰা ৰনপাগলী, গোৰ ঝাপুচাবাৰী আৰু সত্ৰশাল হৈ আগমনিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ গৌৰীপুৰ অভিমুখে চোৰাং গো-ধন সৰবৰাহ হয় । এইক্ষেত্ৰত আৰক্ষীৰ ভূমিকা সন্দেহজনক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ