বঙাইগাঁও জিলাৰ দনকিনামাৰীত গৰুভৰ্তি বাহন জব্দ স্থানীয় ৰাইজ
বঙাইগাঁও জিলাৰ দনকিনামাৰীত গৰুভৰ্তি বাহন জব্দ স্থানীয় ৰাইজ।
বঙাইগাঁও জিলাৰ দনকিনামাৰীত গৰুভৰ্তি বাহন জব্দ স্থানীয় ৰাইজ


বঙাইগাঁও, ৩১ জুলাই (হি.স.): বঙাইগাঁও জিলাৰ দনকিনামাৰীত যোৱা কালি বিয়লি গৰুভৰ্তি বাহন এখন জব্দ কৰে স্থানীয় ৰাইজে। উল্লেখ্য় যে এএছ ০৭ এচি ৩৫৪১ নম্বৰৰ এখন টাটা মোবাইলেৰে ৯ টাকৈ গো-ধন সৰবৰাহ কৰি থকা অৱস্থাত ৰাইজে গাড়ীখন জব্দ কৰে। গৰুকেইটাৰ ৰচিদৰ খেলিমেলিৰ অভিযোগ কৰে স্থানীয় ৰাইজে ।

ঘটনাস্থলীত বৰঘোলা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ বাহন সহ গো-ধন নিজৰ জিম্মালৈ আনে যদিও পৰৱৰ্তী সময়ত বৰঘোলা আৰক্ষীয়ে জব্দকৃত বাহন সহ গো-ধনসমূহ ৰহস্যজনক কাৰণত মোকলাই দিয়ে । এনেদৰে দিনে নিশাই গো-ধন সৰবৰাহ চলি থকাৰ অভিযোগ কৰিছে ৰাইজে । ইফালে এই গৰু ছিণ্ডিকেটৰ লগত কোনো শক্তিশালী ব্যক্তি জড়িত থকাৰ সন্দেহ কৰা হৈছে । আৰক্ষীক মেনেজ কৰি এই বৃহৎ ছিণ্ডিকেট চলাই গৈছে বুলিও চৰ্চিত হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande