
চিৰাং, ৩১ জুলাই (হি.স.)। বিজনীৰ হাঁহচৰা গাঁৱৰ নিবাসী তথা বিজনী জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক, বিজনী জিলা ইউপিপিএলৰ উপ-সভাপতি জীৱানন্দ বসমুতাৰী ওৰফে ৰাজুৰ* হত্যকাকাণ্ডত জড়িত তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ।
প্ৰাথমিক তদন্ত অনুসৰি, ২৯ জুলাইৰ নিশা বিজনী চহৰৰ চিফুং হোটেলত অমৃত সৰকাৰৰ সৈতে জীৱানন্দ বসমুতাৰীৰ এক সাধাৰণ কাজিয়াৰ সূত্ৰপাত হৈছিল। অভিযোগ অনুসৰি, তাৰ পিছত জীৱানন্দ বসমুতাৰী ঘৰলৈ উভতি যোৱাৰ সময়ত অভিযুক্তসকলে বিজনীৰ পৰা পিছা কৰি ছাতিয়ানগুৰীত তেওঁক হত্যা কৰে আৰু ঘটনাটোক পথ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰে।
আৰক্ষীৰ তথ্য অনুসৰি, ৩০ জুলাইৰ পুৱা জীৱানন্দ বসমুতাৰীক পথ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসালয়ত আৰক্ষী উপস্থিত হোৱাৰ পিছতে ঘটনাটোক লৈ সন্দেহৰ সৃষ্টি হয়। ইয়াৰ পিছত ঘটনাস্থলীত এগৰাকী কাৰ্যবাহী মেজিষ্ট্ৰেট উপস্থিত হৈ প্ৰাথমিক তদন্ত চলায়। তদন্তত মৃতদেহৰ মূৰত দুটা পৃথক স্থানত আঘাতৰ স্পষ্ট চিন পৰিলক্ষিত হোৱাত ঘটনাটো পথ দুৰ্ঘটনা নহয় বুলি আৰক্ষীৰ সন্দেহ ওপজে।
ইয়াৰ পিছতে শীৰ্ষ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ বিস্তৃত তদন্ত আৰম্ভ কৰে। এই হত্যাকাণ্ডৰ সংঘটিত কৰে বিজনীৰ পূৱ খামাৰপাৰাৰ *অমৃত সৰকাৰ ইয়াৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে বিজনীৰ ঘোসপাৰাৰ আশিস মাদক আৰু কাবলিবাগানৰ সঞ্জয় সাহাক গ্ৰেপ্তাৰ কৰে*।
আজিও বিজনী আৰক্ষীয়ে তদন্ত চলাই আছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু