কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ বাক্সাৰ যুৱক
বাক্সা, ৩১ জুলাই (হি.স.)। বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা। কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক। নিৰুদ্দেশ হোৱা লোকগৰাকী লোচিমাটাৰীৰ কুশৰাম বৰ্মন (৪০) বুলি জানিব পৰা গৈছে। ২৪ জুলাইত গাঁৱৰে এগৰাকী যুৱকৰ সৈতে কে
কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ বাক্সাৰ যুৱক


বাক্সা, ৩১ জুলাই (হি.স.)। বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা।

কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক।

নিৰুদ্দেশ হোৱা লোকগৰাকী লোচিমাটাৰীৰ কুশৰাম বৰ্মন (৪০) বুলি জানিব পৰা গৈছে।

২৪ জুলাইত গাঁৱৰে এগৰাকী যুৱকৰ সৈতে কেৰালামলৈ কাম কৰিবলৈ বুলি ওলাই গৈছিল কুশৰাম বৰ্মন। ট্ৰেইনেৰে গৈ থকা সময়ত কেৰালামৰ কেটেম ষ্টেশনত নিৰুদ্দেশ হয় কুশৰাম বৰ্মন।

কিছুসময় পৰিয়ালৰ সৈতে ফোনত যোগাযোগ হৈছিল যদিও বৰ্তমান পৰ্যন্ত মোবাইল ফোন বন্ধ হৈ আছে কুশৰাম বৰ্মনৰ। কুশৰাম বৰ্মনৰ নিৰুদ্দেশৰ পাছতেই পত্নী আৰু কণমানি দুই পুত্ৰ- কন্যাৰ লগতে হাহাকাৰ লাগিছে দৰিদ্ৰ পৰিয়ালটোৰ মাজত।

ঘটনা সন্দৰ্ভত স্থানীয় আনন্দবজাৰ আৰক্ষী চকীত এখন লিখিত আবেদন দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।

উল্লেখ্য যে কোনো সদাশয় লোকে কুশৰাম বৰ্মনৰ সন্ধান পালে পৰিয়ালৰ ৭৬৩৫৯৭৬২৯৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande