বৰপেটা ৰোডত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শতাধিক মেধাৱী শিক্ষাৰ্থীক অভিনন্দন
বৰপেটা, ৩১ জুলাই (হি.স.)। বৰপেটা ৰোডত বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শতাধিক মেধাৱী শিক্ষাৰ্থীক অভিনন্দন। আজি বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰালত এখন গাম্ভীৰ্যপূৰ্ণ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। হ
বৰপেটা ৰোডত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শতাধিক মেধাৱী শিক্ষাৰ্থীক অভিনন্দন


বৰপেটা, ৩১ জুলাই (হি.স.)। বৰপেটা ৰোডত বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শতাধিক মেধাৱী শিক্ষাৰ্থীক অভিনন্দন। আজি বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰালত এখন গাম্ভীৰ্যপূৰ্ণ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বৰপেটা ৰোড তথা দাঁতিকাষৰীয়া অঞ্চলৰ শতাধিক মেধাৱী শিক্ষাৰ্থীক এই অনুষ্ঠানত উষ্ম অভিনন্দন জ্ঞাপন কৰা হয়।

কৃতী ছাত্ৰ-ছাত্ৰী সকলক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ, স্মাৰকৰ লগতে পৰিৱেশ সজাগতাৰ বাৰ্তা লৈ একোটাকৈ নাহৰ গছৰ পুলি প্ৰদান কৰা হয়।

অনুষ্ঠানত সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি অৰ্ণৱ জ্যোতি শৰ্মা , সম্পাদক অবিনাশ কুমাৰ,বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদ, বৰপেটা জিলা ছাত্র সন্থাৰ উপদেষ্টা অমৰেন্দ্ৰ মিশ্ৰ,বৰপেটা ৰোড প্ৰেছ ক্লাৱ সম্পাদক অলকেশ বায়ন, পি, এম শ্ৰী গোপীনাথ বৰদলৈ হাইস্কুলৰ প্ৰধান শিক্ষক বাদশ্বাহ মিঞা,বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ডফিন ওজা আৰু সম্পাদক সঞ্জয় দাসৰ লগতে বৰপেটা ৰোড প্ৰেছ ক্লাবৰ সম্পাদক অলকেশ বায়ন বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যান্য বিষয়ববীয়া, শিক্ষক-শিক্ষয়িত্ৰী,অভিভাৱক আৰু বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি নৱপ্ৰজন্মক উৎসাহিত কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande