নুমলীগড়ৰ কালিয়নী নদীত মাছ ধৰিবলৈ গৈ যুৱক নিখোজ
নুমলীগড়ৰ কালিয়নী নদীত মাছ ধৰিবলৈ গৈ যুৱক নিখোজ।
নুমলীগড়ৰ কালিয়নী নদীত মাছ ধৰিবলৈ গৈ যুৱক নিখোজ


গোলাঘাট, ৩১ জুলাই (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ৰ কালিয়নী নদীত মাছ ধৰিবলৈ গৈ যুৱক এজন নিখোজ হৈ পৰে। বগীজান আৰক্ষী থানাৰ অন্তৰ্গত বকিয়ালৰ হাউতলী গাঁৱৰ সমীপস্থিত কালিয়নী নদীত লগৰীয়াৰ সৈতে কালি বিয়লি মাছ ধৰিবলৈ গৈ সুমিত গড় (২১) নামৰ এজন যুৱক পানীত ডুব যোৱাৰ ঘটনা সংঘটিত হৈছে।

খবৰ অনুসৰি, নদীত ডুব যোৱাৰ পিছৰে পৰা যুৱকজন নিখোজ হৈ আছে । ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে বগীজান আৰক্ষী আৰু স্থানীয় লোক উদ্ধাৰ অভিযানত নামিছে । এইপৰ্যন্ত যুৱকজনৰ কোনো সন্ধান পোৱা হোৱা নাই আৰু উদ্ধাৰ অভিযান অব্যাহত আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande