
কাছাৰ, ৩১ জুলাই (হি.স.)। কাছাৰৰ কাটিগড়া গুমড়া আৰক্ষীয়ে দিঘৰখাল পুৰণি এম ভি আই গেটত এক অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। এটা গোপন সূত্ৰৰ ভিত্তিত গুমড়া আৰক্ষীয়ে ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিঘৰখাল পুৰণি এম ভি আই গেটত এই অভিযান চলায়।
অভিযানকালত এখন এম এল ০৫ এ এ ৬৭৭০ নম্বৰৰ চাৰিচকীয়া বাহনত তালাচী চলাই বাহনৰ এটা গোপন চেম্বাৰত লুকাই থকা অৱস্থাত ৭ খন চাবোনৰ বাক্সৰ পৰা বুজন পৰিমাণৰ হেৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। হেৰোইন খিনি সৰবৰাহৰ লগত জড়িত এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। তেওঁ মেঘালয়ৰ বাসিন্দা। নাম ফ'ৰ্ড পালা। গুমড়া আৰক্ষীয়ে তেওক এন ডি পি এছ আইনৰ আওতাত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ