
বৰপেটা, ৩১ জুলাই (হি.স.)। বানপীড়িত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ কাষত বৰপেটা জিলা শিক্ষা বিভাগ |
বৰপেটা আৰু বজালী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাৰ নেতৃত্বত বানপীড়িত অঞ্চলসমূহলৈ প্ৰেৰণ বৃহৎ পৰিমাণৰ পাঠ্যপুথি।
বৰপেটা আৰু বজালী জিলাৰ অন্তৰ্গত প্ৰায় ২১০০খন বিদ্যালয়ৰ শিক্ষক আৰু বিদ্যালয়ৰ মুৰব্বীসকলৰ সহযোগিতাত নিজ নিজ বিদ্যালয়ৰ বুক বেংকত জমা হৈ থকা কিতাপসমূহ সংগ্ৰহ কৰি বানপীড়িত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিষয়ৰ মুঠ প্ৰায় ৪১ হাজাৰ কিতাপ ইতিমধ্যে সংগ্ৰহ কৰিছে শিক্ষা বিভাগে। এই কিতাপসমূহ পৰ্যায়ক্রমে শিৱসাগৰ, যোৰহাট, চৰাইদেউকে ধৰি উজনি অসমৰ বিভিন্ন বানপীড়িত অঞ্চললৈ প্ৰেৰণ কৰা হ’ব।
প্ৰথমে কিতাপসমূহ গুৱাহাটীলৈ লৈ যোৱা হ’ব আৰু তাৰ পাছত গুৱাহাটীৰ পৰা উজনি অসমৰ বিভিন্ন বানপীড়িত অঞ্চললৈ প্ৰেৰণ কৰা হ’ব।
উল্লেখযোগ্য যে, বানপীড়িত অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰায় ২০ লাখ কিতাপৰ প্ৰয়োজন হৈছে।
সেয়েহে বৰপেটা আৰু বজালী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই আন আন জিলাৰ শিক্ষক আৰু বিদ্যালয়সমূহকো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ।
বাইটঃ শিক্ষা বিষয় |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা