
গুৱাহাটী, ৩১ জুলাই (হি.স.)। এইচ ডি এফ চি পৰিৱৰ্তন( চি এছ আৰ) প্ৰকল্পৰ অধীনত আই আই টি গুৱাহাটীৰ স্কুল অৱ এগ্রো এণ্ড ৰুৰেল টেকনোলজী (এছ এ আৰ টি) ত মুকুতা কৃষকৰ বাবে এক দিনীয়া সজাগতা কাৰ্যসূচী তথা ক্ৰেতা-বিক্ৰেতা সন্মিলন অনুষ্ঠিত হয়। নগাঁও জিলাৰ ১৯ গৰাকী কৃষকে এই কাৰ্যসূচীত অংশ লয়।
অনুষ্ঠানৰ আৰম্ভণিতে প্ৰকল্পৰ মুখ্য অন্বেষকে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ এইচ ডি এফ চি পৰিৱৰ্তনৰ পৃষ্ঠপোষকতাত চলি থকা প্ৰকল্পসমূহৰ বিষয়ে, বিশেষকৈ সমন্বিত মুকুতা উৎপাদন প্ৰকল্পৰ বিষয়ে বৰ্ণনা কৰি কয় যে এই প্ৰকল্পৰ জৰিয়তে একাংশ স্থানীয় কৃষকৰ জীৱিকা সুনিশ্চিত হ'ব। অনুষ্ঠানত প্ৰকল্প প্ৰধানে প্ৰকল্পৰ কাম-কাজৰ এক চমু বিৱৰণ দাঙি ধৰে। এইচ ডি এফ চি-চি এছ আৰৰ ৰিজনেল হেড নীৰজ পাঠক আৰু প্ৰবন্ধক নন্দিতা দাসেও অনুষ্ঠানত প্ৰগতিশীল মুকুতা কৃষকসকলৰ সৈতে মত বিনিময় কৰে। পাঠকে অসম আৰু উত্তৰ-পূৱাঞ্চলত মুকুতা খেতিৰ সুযোগ, সম্ভাৱনা আৰু বজাৰৰ পৰিস্থিতিৰ বিষয়ে সোধাৰ লগতে গুণগত মান আৰু গ্ৰেডিং ব্যৱস্থাৰ বিষয়েও জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
নগাঁৱৰ প্ৰগতিশীল কৃষক ৰুলেন হাজৰিকাই নগাঁও অঞ্চলৰ মুকুতা খেতিৰ বিষয়ে সদৰি কৰি কয় যে বহু কৃষকে ইতিমধ্যে সমন্বিত মুকুতা খেতি কৰি লাভান্বিত হৈছে । অৱশ্যে প্ৰযুক্তি আৰু বিপননৰ ক্ষেত্ৰত পিছপৰি থকাৰ কথা তেওঁ অকপতে স্বীকাৰ কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী