নটছুৰ্য ফণী শৰ্মাৰ মৃত্যু বাৰ্ষিকীত মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, ৩১ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কিংবদন্তি থিয়েটাৰ ব্যক্তিত্ব তথা চলচ্চিত্ৰ অভিনেতা নটছুৰ্য ফণী শৰ্মাৰ মৃত্যু বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ছ’চিয়েল মিডিয়াত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়
The image shared by Assam CM Dr Himanta Biswa Sarma.


গুৱাহাটী, ৩১ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কিংবদন্তি থিয়েটাৰ ব্যক্তিত্ব তথা চলচ্চিত্ৰ অভিনেতা নটছুৰ্য ফণী শৰ্মাৰ মৃত্যু বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ছ’চিয়েল মিডিয়াত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে ফণী শৰ্মা আছিল অসমীয়া থিয়েটাৰ আৰু চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল তাৰকা । অসমীয়া সংস্কৃতি, ভ্ৰাম্যমাণ, চিনেমালৈ তেওঁৰ অতুলনীয় অৱদান সদায় স্মৰণীয় হৈ থাকিব।

ড° শৰ্মাই কয় যে ফণী শৰ্মাৰ সৃষ্টিশীল কৰ্ম আৰু তেওঁৰ আদৰ্শই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব। তেওঁ লগতে কয় যে অসমৰ সাংস্কৃতিক ঐতিহ্যক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অমূল্য।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande