বঙাইগাঁও জিলাৰ কাকৈজানাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ল'লে সোণালী বান্দৰে
বঙাইগাঁও, ৩১ জুলাই (হি.স.)। পুনৰ বঙাইগাঁও জিলাৰ কাকৈজানা অঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ল''লে এটা সোণালী বান্দৰে। অৱশ্যে কাকৈজানাবাসীৰ বাবে এয়া কোনো নতুন দৃশ্য নহয়, প্ৰায়েই এনে হৃদয়বিদাৰক দৃশ্য দেখিবলৈ পোৱা যায় এই অঞ্চলটোত। সোণালী বা
বঙাইগাঁও জিলাৰ কাকৈজানাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ল'লে সোণালী বান্দৰে


বঙাইগাঁও, ৩১ জুলাই (হি.স.)। পুনৰ বঙাইগাঁও জিলাৰ কাকৈজানা অঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ল'লে এটা সোণালী বান্দৰে। অৱশ্যে কাকৈজানাবাসীৰ বাবে এয়া কোনো নতুন দৃশ্য নহয়, প্ৰায়েই এনে হৃদয়বিদাৰক দৃশ্য দেখিবলৈ পোৱা যায় এই অঞ্চলটোত।

সোণালী বান্দৰটোৰ মৃত্যুত এতিয়া গভীৰ শোকত ম্ৰিয়মাণ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ সমীপৱৰ্তী কুছিয়াকাটা গাঁৱত।

আজি পুৱাৰ ভাগতে গাঁওখনত থকা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL) ৰ উন্মুক্ত বৈদ্যুতিক তাঁৰত স্পৰ্শ হৈ থিতাতে মৃত্যু হয় আপুৰুগীয়া সোণালী বান্দৰটোৰ।

ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় প্ৰকৃতিপ্ৰেমী, গাঁওবাসী আৰু বন বিভাগৰ লোক সকল। সকলোৱে একাশ্ৰু নয়নেৰে গামোচা আৰু ফুল দি অন্তিম শ্ৰদ্ধাঞ্জলি জনায় বিৰল প্ৰজাতিৰ প্ৰাণীটোক।

স্থানীয় ৰাইজ আৰু প্ৰকৃতিপ্ৰেমী সকলৰ অভিযোগ— এপিডিচিএল ৰ চৰম গাফিলতিৰ বাবেই আজি পুনৰ প্ৰাণ গ’ল এই সোণালী বান্দৰটোৰ। বনাঞ্চলৰ সমীপৱৰ্তী অঞ্চলবোৰত বৈদ্যুতিক কেৱলৰ কিছু অংশ কোনো সুৰক্ষা নোহোৱাকৈ মুকলিকৈ পৰি থকাৰ বাবেই এই ধৰণৰ দুৰ্ঘটনা সঘনাই সংঘটিত হৈ আহিছে।

সোণালী বান্দৰ সংৰক্ষণৰ বাবে চৰকাৰ আৰু প্ৰশাসনক বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় প্ৰকৃতিপ্ৰেমী সকলে। প্ৰকৃতিপ্ৰেমী

ঘটনাৰ খবৰ পাই পিছত ঘটনাস্থলীত উপস্থিত হয় বঙাইগাঁও জিলাৰ জিলা আয়ুক্ত, বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ উৰ্ধতন বিষয়াসকল। জিলা আয়ুক্ত গৰাকীয়ে সমগ্ৰ ঘটনাৰ বুজ লয় আৰু এপিডিচিএল ক তাৎক্ষণিকভাৱে অঞ্চলটোৰ সকলো উন্মুক্ত তাঁৰ চিনাক্ত কৰি মেৰামতি কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande