
মানকাচৰ, ৩১ জুলাই (হি.স.)। মানকাচৰ বজাৰ গাঁও পঞ্চায়ত এলেকাক পৰিস্কাৰ-পৰিচ্ছন্ন কৰি তোলাৰ উদ্দেশ্যে আজি এক ব্যতিক্ৰমী স্বচ্ছতা শোভাযাত্ৰা আৰু সজাগতা সভা অনুষ্ঠিত হয়।মানকাচৰ বজাৰ গাঁও পঞ্চায়ত স্বচ্ছতা শোভাযাত্ৰা।জিলা আয়ুক্ত পৰিক্ষীৎ থাউদামে শোভাযাত্ৰাৰ উদ্বোধন কৰে।পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে জনসজাগতাৰ আহ্বান।দীৰ্ঘদিনৰ পৰা মানকাচৰ বজাৰ গাঁও পঞ্চায়তে এলেকাটো পৰিস্কাৰ কৰি ৰখাৰ বাবে হাতত লোৱা পদক্ষেপৰ অংশ হিচাপে আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ উপায়ুক্ত পৰিক্ষীৎ থাউদাম উপস্থিত থাকি স্বচ্ছতা শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে।শোভাযাত্ৰাত অংশগ্ৰহণকাৰী সকলে স্বচ্ছ ভাৰত, সুস্থ ভাৰত আদি শ্লোগানেৰে সমগ্ৰ বজাৰ অঞ্চল পৰিক্ৰমা কৰে। তাৰ পিছত এক সজাগতা সভা অনুষ্ঠিত হয়।এই সজাগতা শোভাযাত্ৰা আৰু সভাৰ জৰিয়তে ৰাইজক পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সজাগ কৰি তোলা আৰু পঞ্চায়তখনক আৱৰ্জনা-মুক্ত কৰি ৰখাৰ বাবে সকলোকে একত্ৰিত কৰাই মূল লক্ষ্য।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ