
বৰপেটা, ৩১ জুলাই (হি.স.)। বৰপেটাত ই-ৰিক্সাৰ সৈতে ১২ গৰাকী চালকক আটক ।ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচল কৰা বাবেই আটক এই ১২ গৰাকী চালকক। নিষেধাজ্ঞা অমান্য কৰা ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ অভিযান। সম্প্ৰতি এক্সন মুডত বৰপেটা জিলা পৰিবহন বিভাগ । ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথত চলাচল কৰা ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ অভিযান চলাইছে বিভাগে।জিলা পৰিবহন বিষয়া বাপন কলিতাৰ নেতৃত্বত আজি চলোৱা বিশেষ অভিযানত ১২ খন ই-ৰিক্সা আটক কৰা হয়।
অভিযানকালত ই-ৰিক্সাসমূহৰ চালকক হাউলী থানালৈ নিয়া হয় আৰু পৰিবহন আইন সম্পৰ্কে সজাগ কৰাৰ লগতে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয়।উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সাৰ চলাচল নিষিদ্ধ কৰি পৰিবহন বিভাগে ইতিমধ্যে জাননী জাৰি কৰিছিল। সড়ক সুৰক্ষা নিশ্চিত কৰা আৰু দুৰ্ঘটনাৰ আশংকা হ্ৰাস কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।কিন্তু নিষেধাজ্ঞা সত্ত্বেও বহু ই-ৰিক্সাই ঘাইপথত চলাচল অব্যাহত ৰখাত বিভাগে এই অভিযান আৰম্ভ কৰিছে। জিলা পৰিবহন বিষয়া বাপন কলিতাই স্পষ্টকৈ জনাইছে যে চৰকাৰী নিৰ্দেশনা অমান্য কৰি ঘাইপথত ই-ৰিক্সা চলোৱা সকলৰ বিৰুদ্ধে আগন্তুক দিনতো এনে অভিযান অব্যাহত থাকিব আৰু কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ