
নগাঁও, ৩০ জুলাই (হি.স.)। বটদ্ৰৱা অঞ্চলত বিগত দিনত শান্তি শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱা পৰিপেক্ষিতত আজি বটদ্ৰৱা থানাত উপস্থিত হয় অঞ্চলটোৰ মহিলা সকল। উল্লেখ্য যে, যোৱা ২৭ জুলাইত বটদ্ৰৱাৰ বৰহিছা গাঁৱত আজি এক চাঞ্চল্যকৰ স্প্ৰে-চুৰি কাণ্ড ঘটনা সংঘটিত হয়। নিশা দুৰ্বৃত্তই স্প্ৰে প্ৰয়োগ কৰি ঘৰত থকা তিনিজন লোকক অচেতন কৰি নগদ ধন, সোণৰ গহনা, মূল্যৱান সামগ্ৰীৰ লগতে এটা ৱাল টিভি লুটি নিয়ে।
এই ঘটনাত হৰেন বৰা, অনিমা বৰা আৰু প্ৰশান্ত বৰা গুৰুতৰ ভাৱে অসুস্থ হৈ পৰাত তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বটদ্ৰৱা আৰক্ষী থানাৰ কাষতে বিগত এটা পষেকৰ ভিতৰত পাঁচটাকৈ চুৰি কাণ্ডৰ ঘটনা সংঘটিত হোৱাত অঞ্চলটোত আইন-শৃংখলা আৰু জনসুৰক্ষা লৈ উদ্বেগ বৃদ্ধি পাইছে। ইফালে জিলা খনৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত বটদ্ৰৱা বৰহিঢা গাঁৱত পহৰা কমিটি আছে যদিও কোনো ধৰণৰ পহৰা দিয়াৰ ব্যৱস্থা নকৰে বৰঞ্চ সভাপতি- সম্পাদকে পহৰা কমিটিৰ নামত অহা বয়-বস্তূৰ সুবিধা লৈ অহা বুলি অভিযোগ উত্থাপন কৰিছে। মহিলা সকলে আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা