
নগাঁও, ৩০ জুলাই (হি.স.)। ৰূপহীহাটৰ শিঙিমাৰী উন্নয়ন খণ্ডৰ সন্মুখত পশু চিকিৎসালয়ৰ চৌহদত অৰ্ধগলিত অৱস্থাত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ।
পথেৰে অহা যোৱা কৰা পথচাৰীয়ে প্ৰথমে দূৰ্গন্ধ পাই বিচাৰ খোচাৰ কৰাত প্ৰত্যক্ষ কৰে অৰ্ধ গলিত অৱস্থাত পৰি থকা মৃতদেহটো।
মৃতদেহটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে যদিও চিনাক্ত হোৱা নাই মৃতদেহটো।
অৱশ্যে স্থানীয় ৰাইজৰ সন্দেহ এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোকে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত ঘুৰি ফুৰিছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা