নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ প্ৰৱেশ দ্বাৰত নিশা উত্তপ্ত পৰিস্থিতি
ৰন্দ্বীপ দাস নামৰ এজন ব্যৱসায়ীয়ে আছুৰ সদস্যক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ।
নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ প্ৰৱেশ দ্বাৰত নিশা উত্তপ্ত পৰিস্থিতি


গোলাঘাট, ৩০ জুলাই (হি.স.): গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত বান সাহায্য সংগ্ৰহ কৰা আছুৰ সদস্যক এজন ব্যৱসায়ীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰ পিছত আছুৱে বন্ধ কৰি দিয়ে নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ প্ৰৱেশ দ্বাৰ। ইয়াকে লৈ যোৱা কালি বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে নগৰাঞ্চলস্থিত ডিএছ স্মাৰ্ট নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ ব্যৱসায়ী ৰন্দ্বীপ দাসে নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়বীয়াক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰ পিছতে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিয়ে l নুমলীগড়ৰ শোধনাগাৰৰ উৰ্ধতন বিষয়া উপস্থিত হৈ ডিএছ স্মাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ৰন্দ্বীপ দাসক ফোন কৰি ধমক দিয়ে। তদুপৰি, ক্ষমা বিচাৰিবলৈ বাধ্য কৰায়। ইয়াৰ পিছত পৰিস্থিতিৰ শাম কাটে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande