
গুৱাহাটী, ৩০ জুলাই(হি.স.)। গুৱাহাটী মহানগৰীৰ বেটকুছিৰ সমীপত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। এই ঘটনাত তীব্ৰবেগী ট্ৰাক এখনে পিছফালৰ পৰা এখন ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত দুজন লোক থিতাতে নিহত হয়।
প্ৰাথমিক প্ৰতিবেদন অনুসৰি খানাপাৰা অভিমুখী লেনত দুৰ্ঘটনাটো সংঘটিত হয় । ডব্লিউ বি ৫৭ ই ৫৫০৭ পঞ্জীয়ন নম্বৰৰ এখন ১৬ চকীয়া ট্ৰাকে কোনো নম্বৰ প্লেট নথকা আন এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটোত ট্ৰাকখনে ৰৈ থকা ট্ৰাক খনত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত চলন্ত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ লগে লগে মৃত্যু হয়।
দুৰ্ঘটনাৰ পিছতে ব্যস্ত ঘাইপথত যান-বাহনৰ চলাচল বেয়াকৈ প্ৰভাৱিত হয়, যাৰ ফলত অঞ্চলটোত ভয়াবহ যান-জঁটৰ সৃষ্টি হয় । ঘটনাৰ কিছু সময়ৰ পিছতে গড়চুক যান-বাহন বিভাগৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ যানজঁট দূৰ কৰিব সক্ষম হয় । যান-বাহনৰ চলাচল স্বাভাৱিক কৰাৰ কামো কৰাৰ লগতে প্ৰয়োজনীয় পদ্ধতি আৰম্ভ কৰে। বৰ্তমান দুৰ্ঘটনাটোৰ অধিক তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ