
নগাঁও, ৩০ জুলাই (হি.স.)। মায়ঙৰ খলাভূঞাৰ পৰা কিশোৰী সন্ধানহীন।
প্ৰলোভন দি বহিঃৰাজ্যলৈ নিলে ড্ৰাগছ আসক্ত যুৱকে।
থানাত এজাহাৰ দাখিল কৰাৰ পিছতো কোনো গুৰুত্ব নাই আৰক্ষীৰ।
মৰিগাঁও জিলাৰ মায়ঙৰ খলাভূঞা গাঁৱৰ এজন ড্ৰাগছ আসক্ত, অসৎ প্ৰবৃত্তিৰ যুৱক আৰু যুৱক জনৰ পৰিয়ালৰ অত্যাচাৰৰ বাবেই নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী মেধাসম্পন্ন ছাত্ৰীয়ে দুবছৰ পূৰ্বে শিক্ষা জীৱন সামৰিব লগা হল ।
১৭ বছৰ বয়সত কিশোৰী গৰাকীক বিগত ১৯ জুলাইত নিশা ড্ৰাগছ আসক্ত যুৱক জনে প্ৰলোভন দি পৰিয়ালৰ দুই চাৰি লোকৰ সহযোগত ঘৰৰ পৰা উলিয়াই নি বহিঃৰাজ্যলৈ নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে কিশোৰী গৰাকীৰ দুৰ্ভগীয়া পিতৃয়ে।
প্ৰাপ্ত অভিযোগ অনুসৰি ,মায়ং থানাৰ অন্তৰ্গত খলাভূঞা গাঁৱৰ খাইৰুল ইছলামৰ অসৎ চৰিত্ৰৰ পুত্ৰ চাদিকুল ইছলামে কিশোৰী গৰাকীক বিগত সময়চোৱাত যথেষ্ট হাৰাশাস্তি আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। যাৰ বাবে মেধাসম্পন্ন ছাত্ৰী গৰাকীয়ে প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও আধাতে শিক্ষা জীৱন এৰিব লগা হয়।
যোৱা ১১ দিন ধৰি কিশোৰী গৰাকীক লৈ আত্মগোপন কৰি থকাৰ সময়তে কিছুমান অশ্লীল ফটো সামাজিক মাধ্যমত ভাইৰেল কৰিছে বুলিও জানিব পৰা গৈছে ।
ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পিতৃয়ে মায়ং থানাত সেই দিনাই এজাহাৰ দাখিল কৰে যদিও আৰক্ষীৰ ফালৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই। আনকি থানাত গুৰুত্ব নোপোৱাত জিলাৰ আৰক্ষী অধীক্ষকৰ কাষ চাপে যদিও তাৰ পিছতো গা লৰা নাই আৰক্ষীৰ। ঘটনা সন্দৰ্ভত কোনো এজন লোককে সোধপোচৰ বাবেও থানাত হাজিৰ কৰাব পৰা নাই।
আনহাতে এক নং খলাভূঞাত মূৰত আঘাতপ্ৰাপ্ত কৰি হত্যাৰ চেষ্টা কৰা চুহৰ উদ্দিন নামৰ এজন লোকে মুৰত দহটাকৈ চিলাই লৈ চিকিৎসালয়ৰ পৰা আহি ঘৰতেই বিচনাত পৰি থকাৰ পিছতো আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰাটো দূৰৈৰ কথা এসপ্তাহ পিছতো কোনো এজনকে থানাত মাতি নি সোধপোচ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা