বৰকান্দা পিপলচ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালা সমাপ্ত
ধুবুৰী, ৩০ জুলাই (হি.স.)। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত বৰকান্দা পিপলচ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালা। স্বেচ্ছাসেৱী সংগঠন ''ব্ৰহ্মপুত্ৰ ড্ৰিমছ''ৰ পৰিচালনাত বিগত ১
বৰকান্দা পিপলচ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালা সমাপ্ত


ধুবুৰী, ৩০ জুলাই (হি.স.)। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত বৰকান্দা পিপলচ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালা। স্বেচ্ছাসেৱী সংগঠন 'ব্ৰহ্মপুত্ৰ ড্ৰিমছ'ৰ পৰিচালনাত বিগত ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা উক্ত কৰ্মশালাত শিক্ষাৰ্থী সকলক কুশান নৃত্য, ঝুমুৰ নৃত্যকে ধৰি বিভিন্ন পৰম্পৰাগত লোকনৃত্যৰ প্ৰশিক্ষণ দিয়া হয়।

গৰমৰ বন্ধৰ দিনকেইটাত ছাত্ৰ-ছাত্ৰী সকলক মোবাইল ফোনৰ আসক্তিৰ পৰা আঁতৰাই ৰাখি আমোদজনক ভাৱে লোকসংস্কৃতিৰ চৰ্চা কৰোৱাৰ এই প্ৰয়াসক ভূয়সী প্ৰশংসা কৰিছে অভিভাৱক সকলে। বিদ্যালয় খনত অনুষ্ঠিত সামৰণি তথা প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ মৃদুল ইছলাম চৌধুৰী, উপাধ্যক্ষ আব্দুল মান্নান চৰকাৰ, শিক্ষক মনিশ কুমাৰ নাথকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিলাসীপাৰা বিধানসভা সমষ্টিৰ বিধায়ক জীবেশ ৰায়ৰ তৰফৰ পৰা শিক্ষাৰ্থী সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে বিনামূলীয়াকৈ পাটানী বিতৰণ কৰা হয়। নৃত্যৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলক অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে বিধায়ক গৰাকীৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকি ধীমান দত্ত আৰু দীপক শৰ্মাই শিক্ষাৰ্থী সকলৰ হাতত তুলি দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande