
গুৱাহাটী ৩০ জুলাই (হি.স.)। প্রলয়ংকাৰী বানে ৰাজ্যৰ তিনিখন জিলাৰ বৃহত্তৰ জন জীৱন স্তব্ধ কৰি পেলোৱাৰ পিছত বৰ্তমান বানাক্রান্ত অঞ্চলসমূহলৈ স্বাভাৱিক জীৱন-যাত্রা ঘূৰাই অনাৰ বাবে দিনে-নিশাই একাকাৰ কৰি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলে সেৱা কাৰ্য চলাইছে। জলপ্রলয়ে সৃষ্টি কৰা তিনিটা দিনৰ বিভীষিকাময় পৰিস্থিতিৰ ছবি স্থানীয় ৰাইজৰ মন-মগজুৰ পৰা কেতিয়াও মচি পেলাব নোৱাৰি।
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত দলৰ মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে কয় যে, বিপর্যস্ত মানুহৰ কাষত সংবেদশীলতাৰে থিয় দিছে বিজেপিৰ কাৰ্যকর্তাই।
পানীৰ ঢলে আৱদ্ধ কৰি ৰখা ৰাইজৰ উদ্ধাৰ অভিযানৰ পৰা আৰম্ভ কৰি সাহায্য প্রদান আৰু এতিয়া ঘৰ-বাৰীবোৰ থানথিত লগোৱালৈকে প্রতিটো দিনেই দলীয় কার্যকর্তা সকলে স্থানীয় ৰাইজক লগত লৈ সেৱা কার্য আগবঢ়াই আহিছে। অসমৰ বিভিন্ন জিলাৰ পৰা বানাক্ৰান্ত অঞ্চল সমূহলৈ সাহায্য সামগ্রী লৈ গৈ প্রতিদিনেই বিজেপিৰ কাৰ্যকৰ্তাসকলে পাৰ্যমানে সহায়ৰ হাত আগবঢ়াইছে। বোকাত পোত খাই যোৱা ঘৰ-পদূলি আদি চাফ-চিকুন কৰাৰ লগতে বোকা নিষ্কাষণৰ পদক্ষেপ হাতত লৈছে যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকলে।
বুথ পৰ্যায়ৰ পৰা ৰাজ্যিক পর্যায়লৈকে বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা বান মহাপ্রলয় সংঘটিত হোৱা দিনটোৰ পৰাই ৰাইজক বিভিন্নধৰণে উপকৃত কৰিবলৈ ঐকান্তিকতাৰে নামি পৰিছে। নাজিৰা, সোণাৰি, মাহমৰা, ডিমৌ সমষ্টিৰ বিজেপিৰ বিধায়ক সকল ক্ৰমে ময়ুৰ বৰগোঁহাই, ধৰ্মেশ্বৰ কোঁৱৰ, সুৰজ দিহিঙিয়া, সুশান্ত বৰগোঁহাই আদিয়ে অৰ্হনিশে নিৰন্তৰ সাহায্য অভিযান চলাই আহিছে ।
মন্ত্রী বিমল বড়া, অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলী, পৱিত্ৰ মাৰ্ঘেৰিটা আদিয়ে বানাক্ৰান্ত ৰাইজৰ অভাৱ-অভিযোগ সমূহ দূৰ কৰিবলৈ নিৰলস প্রচেষ্টা চলাই আহিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বানাক্রান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি আহি জিলা কেইখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্রতিটো মূহুৰ্ততে খা-খবৰ ৰাখিছে আৰু যেতিয়াই য'ত যি প্রয়োজন হৈছে, সেই প্রয়োজন পূৰণ কৰিবলৈ তৎকালে নির্দেশনা প্রদান কৰিছে।
কালিৰ দিনটোত অসম প্রদেশ বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনৰ পৰা ১৬ কোটি টকাৰ বান সাহায্য লৈ বিজেপিৰ এটা প্রতিনিধি দল উপস্থিত হৈছে। এই সাহায্য সামগ্ৰীসমূহৰ ভিতৰত ১ লাখ ৮০ হাজাৰ মেখেলা-চাদৰ, ১ লাখ ৮০ হাজাৰ শিশুৰ টি-চার্ট, ১ লাখ ৫০ হাজাৰ আঠুৱা প্ৰেৰণ কৰা হৈছে। ইয়াৰ লগতে অসম সমবায় সমিতিৰ এপেক্স বেংক লিমিটেডে এই বান পৰিস্থিতিৰ বাবে লোৱা এক বিশেষ পদক্ষেপ অনুসৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এই বেংকৰ পৰা ঋণ লোৱা গ্রাহকসকলে ৬ মাহলৈ ইএমআই পৰিশোধ নকৰাকৈ থাকিব পাৰিব।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ