জাৰ্চিৰ কেশৰ ৰং সন্দৰ্ভত হকী ইণ্ডিয়াৰ স্পষ্টীকৰণ, কয়-খেলুৱৈ আৰু প্ৰশিক্ষকৰ কাৰিকৰী পৰামৰ্শৰ ভিত্তিত লৈছে সিদ্ধান্ত
নতুন দিল্লী, ৩০ জুলাই (হি.স.)। এফ আই এইচ হকী বিশ্বকাপৰ বাবে ভাৰতীয় হকী দলৰ নতুন কেশৰ জাৰ্চিক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে বৃহস্পতিবাৰে হকী ইণ্ডিয়াই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি স্পষ্ট কৰি দিয়ে যে খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ পৰামৰ্শ আৰু ব্যাপক ব
भारतीय हॉकी टीम की नई जर्सी


নতুন দিল্লী, ৩০ জুলাই (হি.স.)। এফ আই এইচ হকী বিশ্বকাপৰ বাবে ভাৰতীয় হকী দলৰ নতুন কেশৰ জাৰ্চিক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে বৃহস্পতিবাৰে হকী ইণ্ডিয়াই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি স্পষ্ট কৰি দিয়ে যে খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ পৰামৰ্শ আৰু ব্যাপক বিবেচনাৰ ভিত্তিত জাৰ্চিৰ ৰং সলনি কৰা হৈছে। সংস্থাটোৱে কয় যে এই সিদ্ধান্ত মূলতঃ কাৰিকৰী প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে, আন কোনো কাৰণত নহয়।

হকী ইণ্ডিয়াৰ মতে, খেলুৱৈ আৰু প্ৰশিক্ষক কৰ্মচাৰীয়ে অনুভৱ কৰিছিল যে পৰম্পৰাগত নীলা জাৰ্চিখন আন্তঃৰাষ্ট্ৰীয় হকীত প্ৰচলিত নীলা কৃত্ৰিম টাৰ্ফৰ সৈতে নিবিড়ভাৱে মিল আছে। ইয়াৰ ফলত খেলুৱৈসকলে খেলপথাৰত ইজনে সিজনক চিনি পোৱা আৰু দৃশ্যৰ স্পষ্টতা বজাই ৰখাত অসুবিধা হৈছিল। ফলস্বৰূপে খেলুৱৈ আৰু প্ৰশিক্ষকসকলে হালধীয়া বা কেশৰ আদি বিকল্পৰ পৰামৰ্শ দিছিল।

বিবৃতিটোত কোৱা হৈছে যে সকলো পৰামৰ্শ বিবেচনা কৰি কেশৰ ৰং চূড়ান্ত কৰা হৈছে। এই ৰং কেৱল কাৰিকৰীভাৱে উপযুক্ত নহয়, ভাৰতীয় জাতীয় পতাকাৰ তিনিটা ৰঙৰ ভিতৰত অন্যতম হোৱাৰ বাবে ই সাহস, ত্যাগ আৰু জাতীয় গৌৰৱৰ প্ৰতীকও।

হকী ইণ্ডিয়াই স্পষ্ট কৰি দিয়ে যে জাতীয় দলৰ জাৰ্চিৰ ৰঙৰ পৰিৱৰ্তন নতুন নহয়। ব্যৱহাৰিক আৰু কাৰিকৰী প্ৰয়োজনীয়তা পূৰণৰ বাবে সময়ে সময়ে দলৰ জাৰ্চিৰ পৰিৱৰ্তন কৰা হৈছে। উদাহৰণস্বৰূপে, ২০১৪ চনৰ এফ আই এইচ হকী বিশ্বকাপৰ সময়ত ভাৰতীয় দলটোৱে হালধীয়া জাৰ্চি পিন্ধিছিল, আনহাতে ২০১৮ চনৰ এফ আই এইচ হকী বিশ্বকাপৰ বাবে দলটোৰ জাৰ্চিৰ ৰং আকাশ নীলা আছিল আৰু ডিজাইন সম্পূৰ্ণৰূপে সলনি কৰা হৈছিল।

হকী ইণ্ডিয়াই নিজৰ বক্তব্যৰ সামৰণিত পুনৰ কয় যে বৰ্তমানৰ কেশৰ জাৰ্চিৰ সিদ্ধান্ত কেৱল খেলুৱৈ আৰু প্ৰশিক্ষকৰ কাৰিকৰী মতামত আৰু ৰাষ্ট্ৰীয় পতাকাৰ সৈতে জড়িত ৰঙৰ প্ৰতীকী তাৎপৰ্য্যৰ ভিত্তিতহে লোৱা হৈছে। ইয়াৰ ফলত খেলুৱৈসকলে খেলপথাৰত অধিক দৃশ্যমানতা লাভ কৰিব আৰু ইয়াৰ ফলত দলৰ প্ৰদৰ্শনত ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।

ভাৰতীয় প্ৰাক্তন অধিনায়ক তথা অলিম্পিক গোল্ড কুৱেষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া বীৰেন ৰাস্কুইন্হাই কেশৰ ৰংক লৈ আপত্তি কৰিছিল। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত তেওঁ লিখিছে, মই ক'ব লাগিব যে হকী ইণ্ডিয়াই বহুত ভাল কাম কৰিছে, কিন্তু এই সিদ্ধান্ত লজ্জাজনক। ভাৰতীয় দলৰ পৰিচয় আৰু ঐতিহ্য সদায় নীলা ৰং। মই বহু বছৰ ধৰি গৌৰৱেৰে নীলা জাৰ্চি পিন্ধি আহিছো। অনুৰাগীসকলেও ভাৰতীয় দলটোক নীলা ৰঙৰ ৰূপত চাব বিচাৰে। কমলা (কেশৰ) ৰঙৰ আঁৰৰ যুক্তি কি?

মন কৰিবলগীয়া যে অহা মাহত নেদাৰলেণ্ড আৰু বেলজিয়ামত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ হকী বিশ্বকাপ ২০২৬ত ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলে প্ৰথমবাৰৰ বাবে কেশৰ ৰঙৰ নতুন কিট পিন্ধি খেলপথাৰত নামিব, তেওঁলোকৰ পৰম্পৰাগত নীলা জাৰ্চিৰ ঠাইত। হকী ইণ্ডিয়াই এই জাৰ্চিৰ ৰং পৰিৱৰ্তনক কাৰিকৰী আৰু ব্যৱহাৰিক সিদ্ধান্ত বুলি কোৱাৰ বিপৰীতে একাংশ প্ৰাক্তন খেলুৱৈয়ে ইয়াক ভাৰতীয় হকীৰ পৰম্পৰাগত পৰিচয়ৰ সৈতে সংযোগ কৰিছে। বিশ্বকাপৰ ঠিক আগতে এই বিষয়টোৱে ভাৰতীয় হকীৰ নতুন বিতৰ্কৰ সূচনা কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande