কমনৱেলথ গেমছ ২০২৬: পদকৰ সংখ্যাত অষ্টম স্থানলৈ আৰোহণ ভাৰত
নতুন দিল্লী, ৩০ জুলাই (হি.স.)। কমনৱেলথ গেমছ ২০২৬ৰ সপ্তম দিন বুধবাৰে ভাৰতে স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰি এক তাৰকাময় প্ৰদৰ্শন আগবঢ়ায়। পেৰা এথলেটিকছত দিলীপ গাভিটে পুৰুষৰ ১০০ মিটাৰ টি ৪৭ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰাৰ বিপৰীতে তেওঁৰ দেশবাস
ग्लासगो राष्ट्रमंडल खेल लोगो


নতুন দিল্লী, ৩০ জুলাই (হি.স.)। কমনৱেলথ গেমছ ২০২৬ৰ সপ্তম দিন বুধবাৰে ভাৰতে স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰি এক তাৰকাময় প্ৰদৰ্শন আগবঢ়ায়। পেৰা এথলেটিকছত দিলীপ গাভিটে পুৰুষৰ ১০০ মিটাৰ টি ৪৭ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰাৰ বিপৰীতে তেওঁৰ দেশবাসী মহম্মদ বেচিলে ৰূপৰ পদক দখল কৰি ভাৰতক ১-২ ব্যৱধানত ঐতিহাসিক স্থান দখল কৰে। ইফালে মুৰালী শ্ৰীশংকৰে দীঘল জাম্পত ৮.০৯ মিটাৰ বেষ্ট জাম্পেৰে ৰূপৰ পদক লাভ কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছৰ বাবে প’ডিয়ামত স্থান লাভ কৰে।

দিনটোৰ আৰম্ভণিতে ভাৰতীয় বক্সাৰসকলৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে সাক্ষী চৌধুৰী, অৰুন্ধতী চৌধাৰী, শচীন শিৱাচকে ধৰি ছয়জন বক্সাৰে নিজ নিজ কোৱাৰ্টাৰ ফাইনেল বাউটত জয়ী হৈ অন্ততঃ ব্ৰঞ্জৰ পদক লাভ কৰে।

দিলীপ গাভিটে গেমছৰ অভিলেখ ১০.৭১ ছেকেণ্ড সময়েৰে স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে মহম্মদ বেচিলে ১০.৮৩ ছেকেণ্ড সময়েৰে ৰূপৰ পদক লাভ কৰে। এই সংস্কৰণৰ এয়া আছিল ভাৰতৰ তৃতীয়টো স্বৰ্ণ পদক। ইফালে জামাইকাৰ তাজা গেইলৰ বিৰুদ্ধে মুখামুখি হৈ ৮.০৯ মিটাৰ জাম্প কৰি ৰূপৰ পদক লাভ কৰে মুৰালী শ্ৰীশংকৰে। স্কটলেণ্ডৰ ষ্টিফেন মেকেঞ্জীয়ে ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে ভাৰতৰ লোকেশ সত্যনাথনে পঞ্চম স্থান দখল কৰে।

এই আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছতে ভাৰতেও পদকৰ সংখ্যাত জপিয়াই উঠিছে। ভাৰত এতিয়া মুঠ ১৫টা পদক লাভ কৰি অষ্টম স্থানত আছে, য’ত ৩টা সোণ, ৯টা ৰূপ, আৰু ৩টা ব্ৰঞ্জৰ পদক আছে।

অষ্ট্ৰেলিয়াই ৪৭টা সোণ, ২১টা ৰূপ আৰু ৩৫টা ব্ৰঞ্জকে ধৰি ১০৩টা পদকৰ সৈতে পদকৰ সংখ্যাত আগবাঢ়ি আছে। ৩৯টা পদকেৰে দ্বিতীয় স্থানত আছে কানাডা আৰু ৫৬টা পদকেৰে তৃতীয় স্থানত আছে ইংলেণ্ড।

আয়োজক স্কটলেণ্ড চতুৰ্থ, নাইজেৰিয়া পঞ্চম, দক্ষিণ আফ্ৰিকা ষষ্ঠ আৰু মালয়েছিয়া সপ্তম স্থানত আছে। ভাৰতৰ পাছতে নৱম স্থানত নিউজিলেণ্ড আৰু দশম স্থানত আছে জামাইকা।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande