
চৰাইদেউ, ৩০ জুলাই (হি.স.)। সোণাৰিৰ নাফুকত ভয়ংকৰ পথ দুৰ্ঘটনা। এজন থিতাতে নিহত। বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক জগত বসুমতাৰী থিতাতে নিহত । তিনিজন গুৰুতৰ ভাৱে আহত। সোণাৰিৰ দিশে গৈ থকা এ এছ ২৯চি০৮১৬ নমৰৰ এচি টাকৰ সৈতে স্কুটি এ এছ ৩৩ বি ৮০৮৪ নম্বৰৰ সৈতে মূখামূখি সংঘৰ্ষ।আহত হোৱা তিনিজনৰ নাম উদ্ধাৰ হোৱা নাই।
নিহত জগত বসুমতাৰী শিৱসাগৰ,চৰাইদেউত সংঘটিত ভয়াবহ বানত বন্যাৰ্তৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্য়ে চৰকাৰী দায়িত্ব পালনৰ বাবে অভয়পুৰ অভিমুখে গৈ আছিল সোণাৰিৰ পৰা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা