
বৰপেটা, ৩০ জুলাই (হি.স.)। বিদ্যালয়ৰ ভুমি বেদখলৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শ শ ৰাইজ। হাউলীৰ সমীপৰ বজালীৰ আনন্দপুৰৰ এডিপি হাইস্কুলৰ দখলত থকা দুই বিঘা ভুমিত চকু পৰিছে দুষ্ট চক্ৰৰ। ১৯৯৬ চনত বিদ্যালয়ৰ নামত ক্ৰয় কৰিছিল পথৰ কাষৰ ভুমি ডোখৰ। আনন্দপুৰ গাওঁৰ তুতা মিয়া, চান মিয়া আৰু ফজৰ আলীয়ে ৰাইজৰ উপস্থিতিত বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত বিক্ৰী কৰিছিল ভুমি খণ্ড।
তাৰ পিছৰ পৰাই বিগত ২০ বছৰে উক্ত ভুমি খণ্ড খেল পথাৰ হিছাপে ব্যৱহাৰ কৰি আহিছে বিদ্যালয় কৰ্তৃপক্ষই। কিন্তু সেই ভুমি খণ্ড এতিয়া বেদখলৰ চেষ্টা চলাইছে তুতা মিয়া , চান মিয়া আৰু ফজৰ আলীৰ পৰিয়ালে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই সৰুপেটাৰ চক্ৰ বিষয়াক অভিযোগ দাখিলৰ পিছতো বিষয়া গৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। ইপিনে বেদখলকাৰীয়ে উক্ত ভুমি খণ্ডত গৃহ নিৰ্মানৰ বাবে পুনৰ চেষ্টা চলাইছে। যাৰ বাবে এতিয়া বিদ্যালয়ৰ ভুমি খণ্ড ৰক্ষাৰ বাবে ওলাই আহিল শ শ স্থানীয় লোক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ