সৰুপথাৰত ক্ৰমান্বয়ে বৃদ্ধি দৈয়াং নৈৰ জলস্তৰ
গোলাঘাট, ৩০ জুলাই (হি.স.)। বিগত কিছুদিন হ্ৰাস পাই থকাৰ পিছত সৰুপথাৰত পুনৰ ক্ৰমাৎ বৃদ্ধি হৈছে দৈয়াং নৈৰ জলস্তৰ । দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৩ খনকৈ গেটেৰে অতিৰিক্ত পানী এৰি দিয়াৰ লগতে নিশা মূষলধাৰ বৰষুণৰ ফলত বিপদসীমাৰে বৈ আছে দৈয়াং নৈ। ইতিমধ্যে সৰু
সৰুপথাৰত ক্ৰমান্বয়ে বৃদ্ধি দৈয়াং নৈৰ জলস্তৰ


গোলাঘাট, ৩০ জুলাই (হি.স.)। বিগত কিছুদিন হ্ৰাস পাই থকাৰ পিছত সৰুপথাৰত পুনৰ ক্ৰমাৎ বৃদ্ধি হৈছে দৈয়াং নৈৰ জলস্তৰ । দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৩ খনকৈ গেটেৰে অতিৰিক্ত পানী এৰি দিয়াৰ লগতে নিশা মূষলধাৰ বৰষুণৰ ফলত বিপদসীমাৰে বৈ আছে দৈয়াং নৈ। ইতিমধ্যে সৰুপথাৰ ৰাজচক্ৰ অধীনৰ কেইবাখনো দৈয়াং নৈৰ দাতি কাষৰীয়া গাওৰ বহুলোকৰ কৃষিভূমিত প্লাৱিত কৰিছে বাঢ়নি পানীয়ে ।

আনহাতে সামাজিক মাধ্যমযোগে সৰুপথাৰৰ ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ । ইতিমধ্যে সৰুপথাৰ সমজিলা প্ৰশাসন সাম্ভাব্য বান পৰিস্থিতিৰ বাবে সাজু হৈ আছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande