
কাৰ্বি আংলং, ৩০ জুলাই (হি.স.)। হাওৰাঘাটত ডকাইতি কাণ্ড। হাওৰাঘাট নগৰৰ মাজমজিয়াত ডকাইতে চলালে সন্ত্ৰাস।
শিক্ষক বিদ্যাৰাম ছিংনাৰৰ ঘৰত সংঘটিত উক্ত এই ঘটনা। ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত শিক্ষক বিদ্যাৰাম ছিংনাৰ আৰু তেওঁৰ পত্নী সবিতা টেৰণপী।
ডকাইতে লুটি নিলে আ-অলংকাৰ আৰু মাৰুতি চুইফ্ট বাহনখন। নিশা প্ৰায় ১ বজাত ৪-৫ জনীয়া ডকাইতৰ দলে চলায় সন্ত্ৰাস।
হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদ্যাৰাম ছিংনাৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু