ৰূপহীহাটৰ শিঙিমাৰী উন্নয়ন খণ্ডৰ সন্মুখত পহু চিকিৎসালয়ৰ চৌহদত উদ্ধাৰ অৰ্ধগলিত অৱস্থাত অচিনাক্ত মৃতদেহ
নগাঁও, ৩০ জুলাই (হি.স.)। নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰী উন্নয়ন খণ্ডৰ সন্মুখত পহু চিকিৎসালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চিকিৎসালয় খনৰ চৌহদত উদ্ধাৰ কৰা হৈছে অৰ্ধগলিত অৱস্থাত অচিনাক্ত মৃতদেহ এটি । পথেৰে অহা যোৱা কৰা পথচাৰীয়ে দূৰ্গোন্ধ পাই বিচাৰি
ৰূপহীহাটৰ শিঙিমাৰী উন্নয়ন খণ্ডৰ সন্মুখত পহু চিকিৎসালয়ৰ চৌহদত উদ্ধাৰ অৰ্ধগলিত অৱস্থাত অচিনাক্ত মৃতদেহ


নগাঁও, ৩০ জুলাই (হি.স.)। নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰী উন্নয়ন খণ্ডৰ সন্মুখত পহু চিকিৎসালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চিকিৎসালয় খনৰ চৌহদত উদ্ধাৰ কৰা হৈছে অৰ্ধগলিত অৱস্থাত অচিনাক্ত মৃতদেহ এটি । পথেৰে অহা যোৱা কৰা পথচাৰীয়ে দূৰ্গোন্ধ পাই বিচাৰি প্ৰত্যক্ষ কৰে অৰ্ধ গলিত অৱস্থাত পৰি থকা মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে যদিও চিনাক্ত হোৱা নাই মৃতদেহটো । অৱশ্যে স্থানীয় ৰাইজৰ সন্দেহ কৰা অনুসৰি মৃত লোকজন এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোক আৰু দীৰ্ঘদিন ধৰি এই অঞ্চলত গুৰি ফুৰিছিল।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande