
শোণিতপুৰ, ৩০ জুলাই (হি.স.): শোণিতপুৰ জিলাৰ জামুগুৰিহাটত কুসুমটোলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । জামুগুৰিহাটৰ কুসুমটোলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে বিয়লি সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত দ্ৰুতবেগী মহিন্দ্ৰা থাৰ এখন দ খাৱৈত বাগৰি বাগৰি পৰে।
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় তিনিজন ব্যক্তি। বৰ্তমান লোক তিনিজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই । দুৰ্ঘটনাত পতিত হোৱা বাহন খনৰ নম্বৰ এএছ ০৭ ৱাই ৭০৮৯ বুলি জানিব পৰা গৈছে । আহত লোককেইজনক স্থানীয় লোকসকলে উদ্ধাৰ কৰে। গুৰুতৰভাৱে আহত তিনিওকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ