বানপানীত মৃত্যুবৰণ কৰা দেৰগাঁও সমষ্টিৰ বিনোদ হিলৈদাৰি পৰিয়ালক এককালীন ৪ লাখ টকাৰ চেক প্ৰদান বিধায়কৰ
গোলাঘাট, ৩০ জুলাই (হি.স.)। উজনি অসমত বলীয়া বানে তিনিখনকৈ জিলাত বৃস্তৰ ক্ষতিসাধন কৰিছিল। হঠাৎ অহা বলীয়া বানে ৭৮ গৰাকী লোকক উটুৱাই লৈ যোৱাৰ ফলত মৃত্যু ঘটিছিল বুলি চৰকাৰী তথ্য়ত প্ৰকাশ। গোলাঘাট জিলাৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত কছাৰী হাট গাঁৱৰ ব্যক্তি
বানপানীত মৃত্যুবৰণ কৰা দেৰগাঁও সমষ্টিৰ বিনোদ হিলৈদাৰি পৰিয়ালক এককালীন ৪ লাখ টকাৰ চেক প্ৰদান বিধায়কৰ


গোলাঘাট, ৩০ জুলাই (হি.স.)। উজনি অসমত বলীয়া বানে তিনিখনকৈ জিলাত বৃস্তৰ ক্ষতিসাধন কৰিছিল। হঠাৎ অহা বলীয়া বানে ৭৮ গৰাকী লোকক উটুৱাই লৈ যোৱাৰ ফলত মৃত্যু ঘটিছিল বুলি চৰকাৰী তথ্য়ত প্ৰকাশ। গোলাঘাট জিলাৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত কছাৰী হাট গাঁৱৰ ব্যক্তি বিনোদ হিলৈদাৰীৰ বানত মৃত্যু হৈছিল।

অসম চৰকাৰৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত অসম চৰকাৰৰ তৰফৰ পৰা মৃত লোক সকলৰ পৰিয়ালৰ লোকলৈ মুঠ ৯ লাখ টকাকৈ এক কালিন সাহাৰ্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি দেৰগাঁও সমষ্টিৰ বিধায়ক ড: মৃদুল কুমাৰ দত্তই মৃত পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ প্ৰথম পৰ্যায়ত ৪লাখ টকাৰ চেক প্ৰদান কৰে । মৃত পৰিয়ালটোয়ে মূখ্যমন্ত্ৰী গৰাকীৰ এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande