চিৰাঙৰ বিজনীত স্কুটি দুৰ্ঘটনাত নিহত যুৱক
চিৰাঙ, ৩০ জুলাই (হি.স.)। চিৰাঙৰ বিজনীত স্কুটি দুৰ্ঘটনাত নিহত যুৱক। নিহত যুৱকজনক বিজনী থানাৰ অন্তৰ্গত হাঁহচৰা গাঁৱৰ নিবাসী তথা বিজনী জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক, বিজনী জিলা ইউপিপিএলৰ উপ সভাপতি জীবানন্দ বসুমতাৰী ওৰফে ৰাজু (৪৬) বুলি চিনাক্ত ক
চিৰাঙৰ বিজনীত স্কুটি দুৰ্ঘটনাত নিহত যুৱক


চিৰাঙ, ৩০ জুলাই (হি.স.)। চিৰাঙৰ বিজনীত স্কুটি দুৰ্ঘটনাত নিহত যুৱক।

নিহত যুৱকজনক বিজনী থানাৰ অন্তৰ্গত হাঁহচৰা গাঁৱৰ নিবাসী তথা বিজনী জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক, বিজনী জিলা ইউপিপিএলৰ উপ সভাপতি জীবানন্দ বসুমতাৰী ওৰফে ৰাজু (৪৬) বুলি চিনাক্ত কৰা হৈছে।

বুধবাৰে নিশা বিজনী চহৰৰ পৰা নিজ বাসগৃহলৈ স্কুটিৰে গৈ থকা অৱস্থাত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো।

দুৰ্ঘটনাটো কিদৰে সংঘটিত হয় সেৱা জানিব পৰা হোৱা নাই।

পুৱা স্থানীয় লোকে চাতিয়ানগুৰীৰ পথত পৰি থকা অৱস্থাত জীবানন্দ বসুমতাৰী ওৰফে ৰাজুক প্ৰত্যক্ষ কৰি বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ইফালে জানিব পৰা মতে বুধবাৰে নিশাৰ ভাগত বিজনী চহৰৰ চিফুং হোটেলত তিনিজন ব্যক্তিৰ সৈতে কাজিয়াত লিপ্ত হৈছিল জীবানন্দ বসুমতাৰী ওৰফে ৰাজু।

কাজিয়া কৰি হোটেলৰ পৰা জীবানন্দ বসুমতাৰী ওৰফে ৰাজু স্কুটি লৈ ওলাই যোৱাৰ পিছতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

মৃতদেহৰ মুৰৰ পিছফালে আঘাটৰ চিন আৰু চলাই যোৱা স্কুটি খনৰ কোনো ক্ষয়-ক্ষতি নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি এয়া দুৰ্ঘটনা নহয় হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande