এনএফআৰ (নিৰ্মাণ)ৰ মহাপ্ৰবন্ধকৰ দ্বাৰা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ডিমাপুৰ–কোহিমা নতুন ৰে'লপথ প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা
গুৱাহাটী, ৩০ জুলাই (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে''লৱে (এনএফআৰ-নিৰ্মাণ)ৰ মহাপ্ৰবন্ধক আশীষ বানছালে অলপতে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ ডিমাপুৰ (ধনশিৰি)– কোহিমা (জুবজা) নতুন ৰে''লপথ প্ৰকল্পৰ এক বিস্তৃত পৰিদৰ্শন সম্পন্ন কৰে। উত্তৰ-পূব সীমান্ত ৰে''লৱে
असमः डिमापुर-कोहिमा नई रेल लाइन परियोजना के प्रगति की समीक्षा करते पूसीरे (निर्माण) के महाप्रबंधक


গুৱাহাটী, ৩০ জুলাই (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱে (এনএফআৰ-নিৰ্মাণ)ৰ মহাপ্ৰবন্ধক আশীষ বানছালে অলপতে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ ডিমাপুৰ (ধনশিৰি)– কোহিমা (জুবজা) নতুন ৰে'লপথ প্ৰকল্পৰ এক বিস্তৃত পৰিদৰ্শন সম্পন্ন কৰে। উত্তৰ-পূব সীমান্ত ৰে'লৱে (নিৰ্মাণ)ৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে বানছালে প্ৰকল্পটোৰ অন্তৰ্গত সুৰংগ, বৃহৎ সেতু, ষ্টেচন য়ার্ড আৰু অন্যান্য গুৰুত্বপূৰ্ণ নিৰ্মাণস্থলীসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মহাপ্ৰবন্ধকে নিৰ্মাণাধীন কামসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰাৰ লগতে ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াবৰ্গ আৰু অভিযন্তাসকলৰ সৈতেও মতবিনিময় কৰি গুণগত মান, সুৰক্ষা আৰু অভিযান্ত্ৰিক উৎকৰ্ষতাৰ সৰ্বোচ্চ মানদণ্ড অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এনএফআৰৰ চিপিআৰঅ’ কপিঞ্জল কিশোৰ শৰ্মাই আজি কয় যে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ৰূপায়ণ কৰি থকা ডিমাপুৰ (ধনশিৰি)–কোহিমা (জুবজা) নতুন ৰে'লপথ প্ৰকল্পটো হৈছে এক অন্যতম গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প। প্ৰকল্প সম্পূৰ্ণ হ'লে নাগালেণ্ডৰ ৰাজধানী কোহিমা পোন প্ৰথমবাৰৰ বাবে দেশৰ ৰে'ল নেটৱৰ্কৰ সৈতে সংযুক্ত হ'ব, যি উত্তৰ-পূৰ্বাঞ্চলত ৰে'ল সংযোগ শক্তিশালী কৰাৰ দিশত এক ঐতিহাসিক সফলতাৰ সূচনা কৰিব। ৭৮.৪২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্প অসমৰ কাৰ্বি আংলং জিলাৰ লগতে নাগালেণ্ডৰ চুমৌকেডিমা আৰু কোহিমা জিলাৰ মাজেৰে অতিক্ৰম কৰিছে। প্ৰকল্পটোত মুঠ আঠটা ষ্টেচন আছে—ধনশিৰি, ধনশিৰিপাৰ, শোখুভি, মলভম, ফেৰিমা, পিফেমা, মেংগুজুমা আৰু জুবজা। ইয়াৰে ধনশিৰি, শোখুভি আৰু মলভম ষ্টেচনৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে। প্ৰকল্পটোত মুঠ ৩১,১৬৯ মিটাৰ দৈৰ্ঘ্যৰ ২০ টা সুৰংগ, ২৭ টা খন বৃহৎ সেতু আৰু ১৪৯ খন সৰু সেতুৰ নিৰ্মাণ অন্তৰ্ভুক্ত আছে, যিয়ে নাগালেণ্ডৰ পাহাৰীয়া ভূখণ্ডত ৰে'ল নিৰ্মাণৰ জটিলতাকেই প্ৰতিফলিত কৰে।

এই প্ৰকল্পটো পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰা হৈছে যি ১৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ধনশিৰি–শোখুভি খণ্ডটো অক্টোবৰ, ২০২১ ত আৰু ১৪.৬৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ শোখুভি–মলভম অংশ মাৰ্চ, ২০২৫ ত মুকলি কৰা হয়। বৰ্তমান শোখুভিৰ পৰা গুৱাহাটী আৰু নাহৰলগুনলৈ নিয়মীয়া যাত্ৰীবাহী ৰে'ল চলাচল বাহাল আছে। আনহাতে, মলভম, যি বৰ্তমান নাগালেণ্ডৰ তৃতীয়টো গুৰুত্বপূৰ্ণ ৰে'লৱে ষ্টেচন, আৰম্ভ হোৱাৰ পৰিণামস্বৰূপে ৰাজ্যখনৰ ৰে'ল সংযোগ অধিক শক্তিশালী হৈছে।

প্ৰত্যাহ্বানমূলক পাহাৰীয়া ভূখণ্ড আৰু জটিল ভূ-তাত্ত্বিক পৰিস্থিতিৰ মাজতো আধুনিক অভিযান্ত্ৰিক কৌশল আৰু সুসংগঠিত প্ৰচেষ্টাৰে অবশিষ্ট অংশসমূহৰ নিৰ্মাণ কাম সন্তোষজনকভাৱে আগবাঢ়িছে। একে সময়তে একাধিক সুৰংগৰ সন্মূখভাগৰ নিৰ্মাণ কাৰ্য চলি থকাৰ লগতে সুৰক্ষিত তথা যথোপযুক্ত ৰূপায়ণ নিশ্চিত কৰাৰ অৰ্থে অবিৰত নিৰীক্ষণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

পৰিদৰ্শনৰ সময়ত আশীষ বানছালে অভিযন্তা আৰু নিৰ্মাণকাৰ্যত নিয়োজিত টীমসমূহৰ সমৰ্পন মনোভাৱৰ শলাগ লয়। তেওঁ সকলো সংশ্লিষ্ট অংশীদাৰীৰ মাজত ঘনিষ্ঠ সমন্বয় বজাই ৰাখি, সুৰক্ষা আৰু গুণগত মানৰ সৰ্বোচ্চ মানদণ্ড অক্ষুণ্ণ ৰখাৰ লগতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে পূৰ্ণগতিত কাম অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ২০২৯ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ ডিমাপুৰ (ধনশিৰি)–কোহিমা (জুবজা) নতুন ৰে'লপথ প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰকল্পটো সম্পূৰ্ণ হ'লে অঞ্চলটোৰ ৰে'ল সংযোগ যথেষ্ট সম্প্ৰসাৰিত হোৱাৰ লগতে শিক্ষা, স্বাস্থ্যসেৱা, পৰ্যটন আৰু বজাৰ-সুবিধা উন্নত হ'ব আৰু নাগালেণ্ড তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশত এই নতুন ৰে’লপথে এক শক্তিশালী চালিকাশক্তি হিচাপে কাম কৰিব।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande