মাজুলীৰ সত্ৰত উজনিৰ বন্যাৰ্তলৈ প্ৰস্তুত কৰিছে পৰম্পৰাগত পকা মিঠৈ
মাজুলী, ৩০ জুলাই (হি.স.)। মাজুলীৰ সত্ৰত উজনিৰ বন্যাৰ্তলৈ প্ৰস্তুত কৰিছে পৰম্পৰাগত পকা মিঠৈ ।মাজুলীৰ ভোগপুৰ সত্ৰৰ ভকত বৈষ্ণৱে বন্যাৰ্তলৈ প্ৰস্তুত কৰিছে দহ সহস্ৰাধিক পকা মিঠৈ ।প্ৰলয়ংকৰী বানত মৃত্যু হোৱা দুৰ্ভগীয়া মৃতকৰ আত্মাৰ চিৰশান্তি কামনাৰে সত্ৰ
মাজুলীৰ সত্ৰত উজনিৰ বন্যাৰ্তলৈ প্ৰস্তুত কৰিছে পৰম্পৰাগত পকা মিঠৈ


মাজুলী, ৩০ জুলাই (হি.স.)। মাজুলীৰ সত্ৰত উজনিৰ বন্যাৰ্তলৈ প্ৰস্তুত কৰিছে পৰম্পৰাগত পকা মিঠৈ ।মাজুলীৰ ভোগপুৰ সত্ৰৰ ভকত বৈষ্ণৱে বন্যাৰ্তলৈ প্ৰস্তুত কৰিছে দহ সহস্ৰাধিক পকা মিঠৈ ।প্ৰলয়ংকৰী বানত মৃত্যু হোৱা দুৰ্ভগীয়া মৃতকৰ আত্মাৰ চিৰশান্তি কামনাৰে সত্ৰৰ কীৰ্তনঘৰত নামৰ আয়োজন কৰিছে।

ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ সমন্বিতে ভকত বৈষ্ণৱে বন্যাৰ্ত সকললৈ পকা মিঠৈৰ লগতে প্ৰেৰণ কৰিব সত্ৰৰ বস্ত্ৰ। সত্ৰৰ এই নিৰ্মালী লৈ বন্যাৰ্তৰ কাষ চাপিব ভোগপুৰ সত্ৰৰ ভকত বৈষ্ণৱ সকলে।

ইতিমধ্যে সত্ৰৰ গুৰুগৃহত পুৱাৰ ভাগৰ পৰা ভকত বৈষ্ণৱ সকলে ভড়ালৰ ধান বনাই পিঠাগুৰি খুন্দি পকা মিঠৈ প্ৰস্তুত কৰিছে ।উল্লেখ্য যে এই মহৎ কাৰ্যসূচীত মাজুলীবাসী ৰাইজে সহযোগিতা কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande