
দৰঙ, ৩০ জুলাই (হি.স.)। দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড । কৃষকৰ কষ্টোপাৰ্জিত খেতি ধ্বংস কৰিলে দুষ্ট চক্ৰই । খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত মণ্ডলপাৰা গাঁৱৰ কেইজন মান খেতিয়কৰ প্ৰায় ২০ বিঘা মাটিৰ পাচলি খেতি কাটি নষ্ট কৰিলে দুৰ্বৃত্তই । নিশা এন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই এফালৰ পৰা কাটি বিনষ্ট কৰে কেৰেলা খেতি৷ উভালি পেলায় শ শ জলকীয়া গছৰ লগতে ভোল , কোমোৰা , বেঙেনা পুলি , ফুল কবি , বন্ধা কবিৰ পুলি , উৰহি আদিৰ খেতি ।
কেইবা হাজাৰ টকা খৰচ কৰি কৰা পাচলি খেতি কৰাৰ পিছত খেতিপথাৰৰ এনে দুৰ্দশাৰ দেখি মূৰে কপালে হাত দিছে খেতিয়ক সকলে৷ কোনে কি উদ্দেশ্য লৈ এনেদৰে কৃষি পথাৰত ক্ষতিসাধন কৰিলে এই লৈ চিন্তিত হৈ পৰিছে গাঁৱৰ ৰাইজ৷ আৰক্ষীয়ে তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰাৰ লগতে খেতিয়ক সকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ভুক্তভোগী খেতিয়ক সকলে । এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা