
শিৱসাগৰ, ৩০ জুলাই (হি.স.)। মানৱতাৰ অনন্য নিদৰ্শন। শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত দেৰগাঁৱৰ নেঘেৰিটিঙৰ কল্যানগৰ জামাতৰ মুছলিম সমাজ।
শিৱসাগৰৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে আশাৰ বতৰা কঢ়িয়ালে দেৰগাঁৱৰ নেঘেৰিটিঙৰ কল্যানগৰ জামাতৰ মুছলিম সমাজে। বানত সৰ্বস্ব হেৰুওৱা লোক সকলৰ দুৰ্দশা দেখি হাত সাবটি বহি নাথাকিল সমাজ খনৰ লোকসকল।
মানৱতাৰ খাতিৰত তেওঁলোকে খাদ্য-সামগ্ৰী, কাপোৰ আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰে ভৰা টোপোলা বিতৰণ কৰিছে শিৱসাগৰৰ বান খতিগ্ৰস্থ ৰাইজৰ মাজত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু