
বৰপেটা, ৩০ জুলাই (হি.স.): বৰপেটা জিলাৰ বাঘবৰত কাঠফলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ পানীৰ ফেক্টৰী । বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মন্দিয়া-বাঘবৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত কাঠফলাৰ দৰে গঢ় লৈ উঠিছে একাংশ অবৈধ পানীৰ ফেক্টৰী । বিশুদ্ধ খোৱা পানীৰ নামত এইসমূহ ফেক্টৰীত প্ৰস্তুত কৰা পানীৰ গুণগত মানক লৈ এতিয়া উত্থাপন হৈছে গুৰুতৰ প্ৰশ্ন ।
অভিযোগ অনুসৰি, মন্দিয়া-বাঘবৰ অঞ্চলৰ বিভিন্ন বজাৰত ব্যাপকভাৱে বিক্ৰী হৈ আছে ২০ লিটাৰৰ পানীৰ জাৰ । কিন্তু এই জাৰসমূহৰ বহুতে উৎপাদনকাৰীৰ প্ৰয়োজনীয় পৰিচয়, অনুমোদন, ছীল-মোহৰ তথা বাধ্যতামূলক নথি-পত্ৰ নথকাৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় লোকৰ অভিযোগ, একাংশ পানী ফেক্টৰীত কেৱল টিউবৱেল আৰু সাধাৰণ ফিল্টাৰ স্থাপন কৰিয়েই চলাই থকা হৈছে পানী পেকেজিঙৰ ৰমৰমীয়া ব্যৱসায়।পানী বিশুদ্ধকৰণ, পেকেজিং আৰু গুণগত মান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় নিয়ম-নীতি মানি চলা হৈছে নে নাই, তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে।
আনহাতে, এই ২০ লিটাৰৰ পানীৰ জাৰসমূহ কেৱল বজাৰতেই নহয়, ঘৰে ঘৰে যোগান ধৰাৰ ফলত বৃহৎ সংখ্যক লোকৰ দৈনন্দিন পানীয় জলৰ উৎস হৈ পৰিছে। এনে পৰিস্থিতিত পানীৰ গুণগত মান পৰীক্ষা নকৰাকৈ বা প্ৰয়োজনীয় তথ্য নথকা জাৰৰ পানী বিক্ৰী কৰি থকা হৈছে নেকি—সেয়া এতিয়া তদন্তৰ বিষয় হৈ পৰিছে । বিশুদ্ধ পানীৰ নামত যদি মানদণ্ডবিহীন পানী ৰাইজৰ মাজত যোগান ধৰা হৈছে, তেন্তে ইয়াৰ ফলত জনস্বাস্থ্যৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰাৰো আশংকা কৰিছে সচেতন ৰাইজে ।
ইফালে, অঞ্চলটোত এনেধৰণৰ পানীৰ ফেক্টৰী চলি থকাৰ অভিযোগৰ মাজতো সংশ্লিষ্ট খাদ্য সুৰক্ষা বিভাগ তথা কৰ্তৃপক্ষই কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। সচেতন ৰাইজৰ দাবী,অবৈধভাৱে পানী উৎপাদন, পেকেজিং আৰু বিক্ৰী কৰি থকা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে তৎকালীন ভাৱে অভিযান চলাই নথি-পত্ৰ, অনুজ্ঞাপত্ৰ,পানীৰ গুণগত মান আৰু পেকেজিং ব্যৱস্থা পৰীক্ষা কৰা হওক। লগতে নিয়ম উলংঘা কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ