চিৰাঙৰ বাসুগাঁৱত এবছুৰ সন্ত্ৰাসবাদ বিৰোধী দিৱস কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী
চিৰাঙ, ৩০ জুলাই (হি.স.)। চিৰাঙৰ বাসুগাঁৱত এবছুৰ সন্ত্ৰাসবাদ বিৰোধী দিৱস কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী । এবছুৰ প্ৰয়াত সভাপতি জৌহৌলাও সৌমব্লা বসুমতাৰীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলী জ্ঞাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। শ্ৰদ্ধাঞ্জলী জ্ঞ
চিৰাঙৰ বাসুগাঁৱত এবছুৰ সন্ত্ৰাসবাদ বিৰোধী দিৱস কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী


চিৰাঙ, ৩০ জুলাই (হি.স.)।

চিৰাঙৰ বাসুগাঁৱত এবছুৰ সন্ত্ৰাসবাদ বিৰোধী দিৱস কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ।

এবছুৰ প্ৰয়াত সভাপতি জৌহৌলাও সৌমব্লা বসুমতাৰীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলী জ্ঞাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ পিছত এবছুৰ প্ৰয়াত সভাপতি জৌহৌলাও সৌমব্লা বসুমতাৰীৰ পৰিয়ালৰ সদস্য চাকৰিৰ নিযুক্তিপত্ৰ অৰ্পণ হাগ্ৰামা মহিলাৰীৰ ।

বড়ো জাতীয় স্বাৰ্থত বড়ো সকলে একেটা মঞ্চত অহাৰ বাবে এবছুয়ে জনোৱা আহ্বান সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে এবছুক সমালোচনা কৰে ।

এবছুক ৰাজনীতিৰ পৰা আঁতৰত থাকিবলৈ আহ্বান হাগ্ৰামা মহিলাৰীৰ।

এবছু মানেই ইউপিপিএল বুলি কটাক্ষ কৰি কয় যে আজি বিশেষ দিনটোত এবছুয়ে একত্ৰিকৰণ কৰাৰ কথা কোৱাটো মহাপাপ বুলি গণ্য কৰা হব মন্তব্য হাগ্ৰামা মহিলাৰীৰ।

প্ৰয়াত সৌমব্লা বসুমতাৰীৰ ভজিতা অনছুমা বসুমতাৰীক সৌমব্লা বসুমতাৰী উদ্যানৰ চকীদাৰ পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰে ।

ইপিনে নিযুক্তি লাভ কৰি অনছুমা বসুমতাৰীয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু আগলৈ নিষ্ঠাসহকাৰে কাম কৰি যোৱাৰ কথা উল্লেখ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande