
শিৱসাগৰ, ৩০ জুলাই (হি.স.)। গ্ৰীন ৱাৰিৱৰ খুমটাইৰ ব্যতিক্ৰমী পদক্ষেপ। বানে বিধস্ত কৰা নাজিৰাৰ নেপালীসুঁতিত কৰিছে শ্ৰমদান । বোকাই আৱৰি ধৰা ঘৰ সমূহত সহায় কৰিছে গাঁওবাসীক। গ্ৰীন ৱাৰিৱৰ খুমটাই ৰ এটা বৃহৎ দলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ আহ্বানত বোকা উলিয়াই চাফ-চিকুণ কৰিছে ঘৰ সমূহ ।
বিপদৰ জটিল সময়ছোৱাত নিজৰ সপোনৰ ঘৰখন পুনৰুদ্ধাৰ কৰাত সহযোগিতা আগবঢ়োৱাত আনন্দিত হৈ পৰিছে বানাক্ৰান্ত ৰাইজ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা