
বিশ্বনাথ, ৩০ জুলাই (হি.স.)। বিশ্বনাথত চাকৰিৰ নামত চলিছে প্ৰৱঞ্চনা৷ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰলোভন দি ৰেজিষ্ট্ৰেচনৰ নামত ১০০০ টকা সংগ্ৰহ কৰাৰ অভিযোগ । আসাম কেৰিয়াৰ পইন্ট নামৰ এটা ভুৱা প্ৰতিষ্ঠানে চাকৰি দিয়াৰ নামত চলাইছে লুন্ঠন। বিশ্বনাথ চাৰিআলিৰ বামগাৱত কাৰ্যালয় খুলি চলাই আছে লুন্ঠন৷
আসাম কেৰিয়াৰ পইন্ট ৰ নাই কোনো বৈধ নথি পত্ৰ৷ স্বতাধিকাৰী দিৱ্যৰঞ্জণ বৰুৱাই দেখুৱাব নোৱাৰিলে কোনো বৈধ নথি । গহপুৰৰ ডুবিয়া গাও পঞ্চায়তৰ ট্ৰেড লাইচেন্স ৰে বিশ্বনাথ চাৰিআলি পৌৰসভা এলেকাত চলাই আছে চাকৰিৰ নামত বেহা । ডুবিয়া গাও পঞ্চায়তৰ ট্ৰেড লাইচেন্সৰ ভেলিডিটি অন্ত পৰিল কেতিয়াবাই ।
আসাম কেৰিয়াৰ পইন্ট ত ৰেজিট্ৰেচন কৰা প্ৰাৰ্থীয়ে চাকৰি বিচাৰি গ'লে গালি পাৰি খেদি পঠিওৱাৰ অভিযোগ দিৱ্যৰঞ্জণ বৰুৱাৰ৷ ৰেজিষ্ট্ৰেচন কৰা ধন বিচাৰি গলেও ভাবুকি দিয়াৰ উঠিছে অভিযোগ। চাকৰি বিচাৰি অহা যুৱতীক চুটি চুটি কাপোৰ পিন্ধি আহিবলৈ দিয়ে পৰামৰ্শ। ফেচবুকত ফেক আই ডি খুলি চাকৰি দিয়াৰ চলাইছিল প্ৰচাৰ। ভুক্তভোগী কেইবা গৰকীও যুৱতীয়ে আজি বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ