জিএমচিএইছত চাদৰ ভগ্নাংশ খহি আহত চাৰিজন
গুৱাহাটী, ৩০ জুলাই(হি.স.)। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল (জিএমচিএইছ)ত এক অঘটন সংঘটিত হয়। জিএমচিএইছৰ পুৰণি বিল্ডিংৰ চাদৰ ভগ্নাংশ খহি পৰি চাৰিজন ৰোগী আহত হয়। দুৰ্ঘটনাটো সংঘটিত হৈছে জিএমচিএইছৰ প্লাষ্টিক চাৰ্জাৰি বিভাগৰ শিশু ৱাৰ্ডত। দুৰ্ঘট
জিএমচিএইছত চাদৰ ভগ্নাংশ খহি আহত চাৰিজন


গুৱাহাটী, ৩০ জুলাই(হি.স.)। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল (জিএমচিএইছ)ত এক অঘটন সংঘটিত হয়। জিএমচিএইছৰ পুৰণি বিল্ডিংৰ চাদৰ ভগ্নাংশ খহি পৰি চাৰিজন ৰোগী আহত হয়। দুৰ্ঘটনাটো সংঘটিত হৈছে জিএমচিএইছৰ প্লাষ্টিক চাৰ্জাৰি বিভাগৰ শিশু ৱাৰ্ডত।

দুৰ্ঘটনাটোৰ ফলত চাৰিজন ৰোগী আহত হয়।ইয়াৰ ভিতৰত মঙলদৈৰ মৃন্ময় শৰ্মা আৰু তেওৰ মাতৃ পদুমী দেৱীও আছে।দুৰ্ঘটনাটো সংঘটিত হৈছে পুৱতি নিশা তিনি বজাত। বিভাগীয় কতৃপক্ষ দুৰ্ঘটনাটোৰ বিষয়ে অবগত হোৱাৰ পিছত ক্ষতিগ্ৰস্থ স্থান ডোখৰৰ মেৰামতিৰ ব্যৱস্থা কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande