কাছাৰৰ ধলাইত বুজন পৰিমাণৰ বিদেশী সুৰা জব্দ
কাছাৰ, ৩০ জুলাই (হি.স.)। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰিছে। গোৱালপাৰাৰ পৰা মিজোৰামলৈ অবৈধ ভাবে সৰবৰাহৰ সময়ত এখন কাৰ্গো ডেলিভাৰী ট্ৰাকৰ পৰা জব্দ কৰা হয় ১০০ কাৰ্টন বিদেশী সুৰা। গোপন তথ্যৰ ভিত্তিত ধলাই
কাছাৰৰ ধলাইত বুজন পৰিমাণৰ বিদেশী সুৰা জব্দ


কাছাৰ, ৩০ জুলাই (হি.স.)। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰিছে। গোৱালপাৰাৰ পৰা মিজোৰামলৈ অবৈধ ভাবে সৰবৰাহৰ সময়ত এখন কাৰ্গো ডেলিভাৰী ট্ৰাকৰ পৰা জব্দ কৰা হয় ১০০ কাৰ্টন বিদেশী সুৰা।

গোপন তথ্যৰ ভিত্তিত ধলাই থানাৰ আৰক্ষীয়ে নাকা চেকিং বহুৱাই মিজোৰাম অভিমুখী এখন কাৰ্গো ডেলিভাৰী ট্ৰাকৰ পৰা জব্দ কৰে ১০০ কাৰ্টন বিদেশী সুৰা।

অন্য বিভিন্ন সামগ্ৰীৰ তলত লুকুৱাই অনা হৈছিল সুৰাৰ কাৰ্টন সমুহ। জব্দ কৰা সুৰাৰ ভিতৰত আছিল কিংফিচাৰ, মেকডোৱেলছ, ছিগনেচাৰ, ব্লেন্ডাৰ্ছ প্ৰাইড, ৰয়্যাল ষ্টেগ আদি বিভিন্ন ব্ৰেণ্ডৰ সুৰা। আৰক্ষীৰ চকুত ধূলি দিবলৈ সুৰাৰ কাৰ্টুন সমুহ কাৰ্গো ডেলিভাৰী ট্ৰাকত অন্য সামগ্ৰীৰ সৈতে সৰবৰাহৰ পৰিকল্পনা কৰিছিল সুৰা ব্যৱসায়ীয়ে।

অবৈধ সুৰা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ট্ৰাকৰ চালক গোৱালপাৰাৰ কৃপাময় ৰাভাক

গ্ৰেপ্তাৰ কৰিছে। কাৰ ছত্ৰছায়াত এই বুজন পৰিমাণৰ সুৰা সমুহ সৰবৰাহ কৰা হৈছিল তাৰ তথ্য উলিয়াবলৈ আৰক্ষীয়ে ধৃত চালক জনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande