বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ মানৱীয় প্ৰচেষ্টা: বানআক্ৰান্তলৈ সাহায্যৰ হাত
বৰপেটা, ৩০ জুলাই (হি.স.)। উজনি অসমত বৰষুণ আৰু বানপানীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মানৱীয় সাহায্যৰ সেনানী হৈ কাষত থিয় দিছে বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থা । ৰাজ্যৰ এই দুৰ্যোগৰ সময়ত ছাত্ৰসন্থাৰ কৰ্মকৰ্তাসকল নিজৰ দায়িত্ব পালনৰ ল
বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ মানৱীয় প্ৰচেষ্টা: বানআক্ৰান্তলৈ সাহায্যৰ হাত


বৰপেটা, ৩০ জুলাই (হি.স.)। উজনি অসমত বৰষুণ আৰু বানপানীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মানৱীয় সাহায্যৰ সেনানী হৈ কাষত থিয় দিছে বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থা । ৰাজ্যৰ এই দুৰ্যোগৰ সময়ত ছাত্ৰসন্থাৰ কৰ্মকৰ্তাসকল নিজৰ দায়িত্ব পালনৰ লগতে বানপীড়িত ৰাইজক সকাহ দিয়াৰ বাবে তৎপৰ হৈ পৰিছে।

বৰপেটাৰোড চহৰৰ বিভিন্ন প্ৰান্তত ছাত্ৰসন্থাৰ কৰ্মকৰ্তাসকলে সাধাৰণ নাগৰিক, ব্যৱসায়ী আৰু দানশীল ব্যক্তিসকলৰ সহযোগত খাদ্য, শুকান খাদ্য, খোৱাপানী, কাপোৰ আদি জৰুৰী সামগ্ৰী সংগ্ৰহ কৰিছে। উজনি অসমৰ বানাক্ৰান্ত এলেকালৈ এই সাহায্য সামগ্ৰীসমূহ সুৰক্ষিতভাৱে প্ৰেৰণ কৰাৰ বাবে ছাত্ৰসন্থাৰ তৰফৰ পৰা বিশেষ স্বেচ্ছাসেৱক দল গঠন কৰা হৈছে।

সজাগতা আৰু একতাৰ বাৰ্তা: এই কঠিন সময়ত সমগ্ৰ অসমবাসীয়ে একে মন হৈ বানপীড়িতসকলৰ কাষত থিয় দিয়াৰ বাবে ছাত্ৰসন্থাৰ নেতৃত্বই আহ্বান জনাইছে। বিপদৰ এই সময়ত বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাই উজনি অসমৰ ভাই-ভনীসকলৰ দুখ-বেদনাৰ সমভাগী হৈছে। এই ক্ষুদ্র প্ৰচেষ্টায়ে বানাক্ৰান্তসকললৈ কিছু হ'লেও সকাহ আনিব বুলি আশাবাদী। — কৰ্মকৰ্তাসকল, বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থা ৰ লগতে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি অৰ্ণৱ শৰ্মাই।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande