
শিৱসাগৰ, ৩০ জুলাই (হি.স.)। মানুহে মানুহৰ বাবে—ভূপেন হাজৰিকাৰ এই চিৰসেউজ বাণী আৰু জুবিন গাৰ্গৰ মানৱতাৰ আদৰ্শ বুকুত লৈ বানত জুৰুলা হোৱা শিৱসাগৰবাসী ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ সাজু হৈছে মেৰাপানী কাছমাৰীৰ উত্তৰ নেঘেৰী যুৱক সংঘ। উত্তৰ নেঘেৰী যুৱক সংঘৰ উদ্যোগত আৰু স্থানীয় গাঁওবাসীৰ আন্তৰিক সহযোগত বানপীড়িত লোক সকললৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়াৰ এক মানৱীয় প্ৰয়াস গ্ৰহণ কৰিছে।
বানত সৰ্বস্ব হেৰুৱাই অসহায় জীৱন কটোৱা শিৱসাগৰৰ বহু পৰিয়াললৈ সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে উত্তৰ নেঘেৰী যুৱক সংঘই স্থানীয় গাঁওবাসীৰ সহযোগত সংগ্ৰহ কৰে প্ৰায় ৯ কুইণ্টল চাউল,আলু ৩কুইণ্টল,কোমোৰা ২৫০টা,কাছ কল, খোৱা পানী, দাইল, শুকান খাদ্য,শাক-পাছলি, পুৰুষৰ কাপোৰ ২৫০,আৰু মহিলাৰ চাদৰ মেখেলা আৰু অন্তৰ্বাসৰ সৈতে ২৫০ৰ পৰা প্ৰায় ৩০০ জোৰ, ফল-মূল,ব্লিছিং পাউদাৰ,চাবোন,মহমাৰা ধূপ আদি অত্যাৱশ্যকীয় সামগ্ৰী।
এই সাহাৰ্য্য সামগ্ৰী শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ বিতৰণ কৰিবলৈ সাজু হৈছে সংঘৰ সদস্য সকল। আৰ্তজনৰ কাষত থিয় হোৱাৰ এই মহান বাৰ্তাই পুনৰ এবাৰ সোঁৱৰাই দিলে মানৱতাই হৈছে সকলোতকৈ ডাঙৰ শক্তি।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু