
বৰপেটা, ৩০জুলাই (হি.স.)। ধৰ্মীয় সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক দিশত কাম কৰি অহা হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ আন এক মানৱীয় পদক্ষেপ। উজনিৰ বানপীড়িতৰ বাবে প্ৰায় ১৫ লাখ টকাৰ বান সাহাৰ্য্য প্ৰেৰণ হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ।
হাউলীৰ বিভিন্ন দল সংগঠনৰ লগতে হাউলীবাসীৰ সহযোগত এই সাহাৰ্য্য সামগ্ৰী সমুহ লৈ উজনিলৈ ৰাওনা হৈছে ১২ খন সৰু বৰ বাহন।
হাউলী ৰাস মন্দিৰ প্ৰাংগনৰ পৰা একেলগে ৰাওনা হৈছে হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ লগতে মাছ ব্যৱসায়ী সন্থা, চুপাৰী ব্যৱসায়ী সকলে আগবঢ়োৱা বানসাহাৰ্য্য় ভৰ্তি বাহন সমূহ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু